ছূৰা 6 · জুজ 7
Al-An'am · 6:28
بَلْ بَدَا لَهُمْ مَا كَانُوا يُخْفُونَ مِنْ قَبْلُ ۖ وَلَوْ رُدُّوا لَعَادُوا لِمَا نُهُوا عَنْهُ وَإِنَّهُمْ لَكَاذِبُونَ
বৰং আগতে সিহঁতে যি গোপন কৰিছিল সেয়া এতিয়া সিহঁতৰ ওচৰত প্ৰকাশ পাইছে; আৰু সিহঁতক আকৌ (দুনাই পৃথিৱীলৈ) পঠোৱা হ’লেও সিহঁতক যি কৰিবলৈ নিষেধ কৰা হৈছিল আকৌ সিহঁতে সেইটোকে কৰিলে হয়; আৰু নিশ্চয় সিহঁত মিছলীয়া।
তাফছীৰ
বিষয়টো তেনেকুৱা নহয় যিদৰে সিহঁতে কৈ আছে যে, সিহঁতক ওভোতাই পঠালে সিহঁতে ঈমান পোষণ কৰিব, বৰং যি কথাটো সিহঁতে গোপন কৰি কৈ আছিল যে, আমাৰ প্ৰতিপালক আল্লাহৰ শপত! আমি মুশ্বৰিক নাছিলোঁ, যেতিয়া সিহঁতৰ নিজৰ শৰীৰৰ অংগই সিহঁতৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰিব, তেতিয়া সিহঁতৰ সেই মিছা কথাৰ ৰহস্যভেদ হ'ব। ধৰি লোৱা হ'ল যদিও সিহঁতক পৃথিৱীলৈ ওভোতাই পঠোৱা হয়, তথাপিও সিহঁতে সেই কুফৰ আৰু শ্বিৰ্কৰ পিনেই উভতি যাব, যিটোৰ পৰা সিহঁতক বিৰত ৰখা হৈছিল। সিহঁতৰ এই প্ৰতিশ্ৰুতি মিছা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক