ছূৰা 6 · জুজ 7
Al-An'am · 6:27
وَلَوْ تَرَىٰ إِذْ وُقِفُوا عَلَى النَّارِ فَقَالُوا يَا لَيْتَنَا نُرَدُّ وَلَا نُكَذِّبَ بِآيَاتِ رَبِّنَا وَنَكُونَ مِنَ الْمُؤْمِنِينَ
তুমি যদি দেখিলাহেঁতেন যেতিয়া সিহঁতক জুইৰ ওপৰত থিয় কৰোৱা হ’ব তেতিয়া সিহঁতে ক’ব, ‘হায়’! যদি আমাক উভতাই দিয়া হ’লেহেঁতেন, আমি আমাৰ প্ৰতিপালকৰ আয়াতসমূহ অস্বীকাৰ নকৰিলো হয় আৰু আমি মুমিনসকলৰ অন্তৰ্ভুক্ত হ’লো হয়।
তাফছীৰ
হে ৰাছুল! আপুনি যদি সিহঁতক দেখিলেহেঁতেন, যেতিয়া ক্বিয়ামতৰ দিনা সিহঁতক জাহান্নামৰ সন্মুখত অনা হ'ব, তেতিয়া সিহঁতে পৰিতাপ কৰি ক'ব, হায়! যদি আমাক দুনাই পৃথিৱীলৈ প্ৰেৰণ কৰা হলেহেঁতেন, আমি কেতিয়াও আল্লাহৰ আয়াতসমূহক অস্বীকাৰ নকৰিলোহেঁতেন বৰং আমি আল্লাহৰ প্ৰতি বিশ্বাস কৰিলোহেঁতেন, তেতিয়া আপুনি সিহঁতৰ নিকৃষ্ট অৱস্থা দেখিবলৈ পালেহেঁতেন।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক