ছূৰা 6 · জুজ 7

Al-An'am · 6:26

وَهُمْ يَنْهَوْنَ عَنْهُ وَيَنْأَوْنَ عَنْهُ ۖ وَإِنْ يُهْلِكُونَ إِلَّا أَنْفُسَهُمْ وَمَا يَشْعُرُونَ

আৰু সিহঁতে আনক এইবোৰ শুনাৰ পৰা বিৰত ৰাখে আৰু নিজেও এইবোৰ শুনাৰ পৰা দূৰত থাকে, আৰু সিহঁত নিজেই নিজকে ধ্বংস কৰে, অথচ সিহঁতে উপলব্ধি নকৰে।

তাফছীৰ

আৰু সিহঁতে মানুহক ৰাছুলৰ প্ৰতি ঈমান আনিবলৈ নিষেধ কৰে লগতে নিজেও আঁতৰি থাকে। এতেকে নিজেও উপকৃত নহয় আৰু আনকো উপকৃত হ'বলৈ নিদিয়ে। এইদৰে সিহঁতে নিজৰে ক্ষতি সাধন কৰি আছে। সিহঁতে যি কৰি আছে সেয়া যে ধ্বংসৰ কাৰণ সিহঁতে নিজেই নাজানে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক