ছূৰা 6 · জুজ 7
Al-An'am · 6:25
وَمِنْهُمْ مَنْ يَسْتَمِعُ إِلَيْكَ ۖ وَجَعَلْنَا عَلَىٰ قُلُوبِهِمْ أَكِنَّةً أَنْ يَفْقَهُوهُ وَفِي آذَانِهِمْ وَقْرًا ۚ وَإِنْ يَرَوْا كُلَّ آيَةٍ لَا يُؤْمِنُوا بِهَا ۚ حَتَّىٰ إِذَا جَاءُوكَ يُجَادِلُونَكَ يَقُولُ الَّذِينَ كَفَرُوا إِنْ هَٰذَا إِلَّا أَسَاطِيرُ الْأَوَّلِينَ
আৰু সিহঁতৰ মাজৰ কিছুমানে তোমাৰ কথা কাণ পাতি শুনে, কিন্তু আমি সিহঁতৰ অন্তৰত আৱৰণ কৰি দিছো যাতে সিহঁতে সেয়া উপলব্ধি কৰিব নোৱাৰে, আৰু সিহঁতৰ কাণত আছে বধিৰতা। যদি গোটেই আয়াতো সিহঁতে প্ৰত্যক্ষ কৰে তথাপিও সিহঁতে ঈমান নানিব। আনকি সিহঁতে যেতিয়া তোমাৰ ওচৰত উপস্থিত হয়, তেতিয়া সিহঁতে তোমাৰ লগত বিৰ্কত লিপ্ত হয়, যিসকলে কুফৰী কৰিছে সিহঁতে কয়, ‘এয়াতো আগৰ দিনৰ উপকথাৰ বাহিৰে আন একো নহয়’।
তাফছীৰ
হে ৰাছুল! যেতিয়া আপুনি কোৰআন তিলাৱত কৰে, তেতিয়া কিছুমান মুশ্বৰিকে সেয়া মনোযোগ সহকাৰে শুনে, কিন্তু সিহঁতে শুনিও উপকৃত নহয়। কিয়নো আমি সিহঁতৰ অন্তৰত সিহঁতৰ অৱজ্ঞা তথা অহংকাৰৰ কাৰণে আৱৰণ কৰি দিছো, যাতে সিহঁতে কোৰআন বুজিব নোৱাৰে লগতে আমি সিহঁতক এনেকুৱা কলা কৰি দিছো যে, সিহঁতে শুনাৰ পিছতো উপকৃত হ'ব নোৱাৰে। সিহঁতে যিমানেই স্পষ্ট প্ৰমাণ নাচাওঁক কিয়, সেইবোৰৰ প্ৰতি ঈমান পোষণ নকৰিব, আনকি সিহঁতে আপোনাৰ ওচৰত আহি আপোনাৰ লগত অসত্যৰ ভিত্তিত সত্যৰ বিপক্ষে বাদানুবাদ কৰে। সিহঁতে কয়ঃ আপুনি যি লৈ আহিছে, সেয়া পূৰ্বৱৰ্তী লোক সকলৰ পুথিৰ পৰা সংগ্ৰহ কৰা হৈছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক