ছূৰা 6 · জুজ 8
Al-An'am · 6:164
قُلْ أَغَيْرَ اللَّهِ أَبْغِي رَبًّا وَهُوَ رَبُّ كُلِّ شَيْءٍ ۚ وَلَا تَكْسِبُ كُلُّ نَفْسٍ إِلَّا عَلَيْهَا ۚ وَلَا تَزِرُ وَازِرَةٌ وِزْرَ أُخْرَىٰ ۚ ثُمَّ إِلَىٰ رَبِّكُمْ مَرْجِعُكُمْ فَيُنَبِّئُكُمْ بِمَا كُنْتُمْ فِيهِ تَخْتَلِفُونَ
কোৱা, ‘মই আল্লাহৰ বাহিৰে আন কোনো ৰব অনুসন্ধান কৰিম নেকি? অথচ তেৱেঁই সকলো বস্তুৰ ৰব’। প্ৰত্যেকেই নিজ নিজ কৃতকৰ্মৰ বাবে দায়ী আৰু কোনোৱেই আনৰ বোজা বহন নকৰিব। তাৰ পিছত তোমালোকৰ প্ৰত্যাৱৰ্তন তোমালোকৰ প্ৰতিপালকৰ ওচৰতেই, এতেকে যি বিষয়ে তোমালোকে মতানৈক্য কৰিছিলা, সেয়া তেওঁ তোমালোকক অৱহিত কৰাব।
তাফছীৰ
হে ৰাছুল! আপুনি মুশ্বৰিকসকলক কওক যে, মই আল্লাহৰ বাহিৰে আন কোনো প্ৰতিপালক বিচাৰিম নেকি, অথচ তেওঁ সুউচ্চ মহাপৱিত্ৰ, সকলোৰে প্ৰতিপালক? তেৱেঁই সেই সকলো উপাস্যৰ প্ৰতিপালক যিসকলক তোমালোকে উপাসনা কৰা। তথা কোনো নিৰ্দোষী ব্যক্তিয়ে আন কাৰোবাৰ গুনাহৰ বোজা বহন নকৰিব। এতেকে ক্বিয়ামতৰ দিনা তোমালোক সকলোৱে আল্লাহৰ ওচৰতেই একত্ৰিত হব লাগিব। তেতিয়া তেওঁ তোমালোকক দ্বীন সম্পৰ্কীয় যিবোৰ বিষয়ত তোমালোকে মতানৈক্য কৰিছিলা সেই সকলো বিষয়ে অৱগত কৰাব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক