ছূৰা 6 · জুজ 8
Al-An'am · 6:163
لَا شَرِيكَ لَهُ ۖ وَبِذَٰلِكَ أُمِرْتُ وَأَنَا أَوَّلُ الْمُسْلِمِينَ
‘তেওঁৰ কোনো অংশীদাৰ নাই, আৰু মোক ইয়াৰেই নিৰ্দেশ দিয়া হৈছে, আৰু মুছলিম (আত্মসমৰ্পনকাৰী) সকলৰ মাজত ময়েই প্ৰথম’।
তাফছীৰ
পৱিত্ৰ আল্লাহৰ কোনো অংশীদাৰ নাই আৰু তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্যও নাই। এই শ্বিৰ্কমুক্ত নিৰ্ভেজাল তাওহীদৰেই আল্লাহে মোক আদেশ কৰিছে। এই উম্মতৰ ভিতৰত ময়ে সৰ্বপ্ৰথম তেওঁৰ ওচৰত আত্মসমৰ্পনকাৰী।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক