ছূৰা 6 · জুজ 8
Al-An'am · 6:165
وَهُوَ الَّذِي جَعَلَكُمْ خَلَائِفَ الْأَرْضِ وَرَفَعَ بَعْضَكُمْ فَوْقَ بَعْضٍ دَرَجَاتٍ لِيَبْلُوَكُمْ فِي مَا آتَاكُمْ ۗ إِنَّ رَبَّكَ سَرِيعُ الْعِقَابِ وَإِنَّهُ لَغَفُورٌ رَحِيمٌ
তেৱেঁই তোমালোকক পৃথিৱীত খলিফা (প্ৰতিনিধি) নিযুক্ত কৰিছে আৰু তেওঁ তোমালোকক যি প্ৰদান কৰিছে সেই বিষয়ে পৰীক্ষাৰ উদ্দেশ্যে তোমালোকৰ কিছুমানক আন কিছুমানৰ ওপৰত মৰ্যাদা প্ৰদান কৰিছে। নিশ্চয় তোমাৰ ৰব দ্ৰুত শাস্তি প্ৰদানকাৰী আৰু নিশ্চয় তেওঁ ক্ষমাশীল, পৰম দয়ালু।
তাফছীৰ
তেৱেঁই তোমালোকক পৃথিৱীত তোমালোকৰ পুৰ্বপুৰুষৰ উত্তৰাধিকাৰী বনাইছে, যাতে তোমালোকে ইয়াক আবাদ কৰিব পাৰা। লগতে তোমালোকৰ পৰস্পৰক পৰস্পৰৰ ওপৰত সৃষ্টি তথা জীৱিকাৰ ক্ষেত্ৰত প্ৰাধান্য প্ৰদান কৰিছে। যাতে তেওঁ তোমালোকক প্ৰদান কৰা বস্তুৰ দ্বাৰা পৰীক্ষা লব পাৰে। হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকে অতিশীঘ্ৰে শাস্তি প্ৰদান কৰিব। কিয়নো আহিবলগীয়া প্ৰত্যেক বস্তু অতি সন্নিকট। যিসকল বান্দাই তাওবা কৰে নিশ্চয় আল্লাহ সিহঁতৰ প্ৰতি ক্ষমাশীল আৰু দয়ালু।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক