ছূৰা 6 · জুজ 8
Al-An'am · 6:161
قُلْ إِنَّنِي هَدَانِي رَبِّي إِلَىٰ صِرَاطٍ مُسْتَقِيمٍ دِينًا قِيَمًا مِلَّةَ إِبْرَاهِيمَ حَنِيفًا ۚ وَمَا كَانَ مِنَ الْمُشْرِكِينَ
কোৱা, ‘মোৰ প্ৰতিপালকে মোক সৎপথত পৰিচালিত কৰিছে। এইটোৱে সুপ্ৰতিষ্ঠিত দ্বীন, ইব্ৰাহীমৰ মিল্লাত (আদৰ্শ), তেওঁ আছিল একনিষ্ঠ আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল’।
তাফছীৰ
হে ৰাছুল! এই অস্বীকাৰকাৰী সকলক কওঁক যে, মোৰ প্ৰতিপালকে মোক সঠিক পথ দেখুৱাইছে, সেইটো হৈছে দ্বীনৰ পথ, যি পথত পৰিচালিত হ'লে পৃথিৱী আৰু আখিৰাত উভয়তে কল্যাণ পোৱা যায়, আৰু সেইটোৱে ইব্ৰাহীমৰ পথ, যিটো সত্যৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁ কেতিয়াও মুশ্বৰিক সকলৰ অন্তৰ্ভুক্ত নাছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক