ছূৰা 6 · জুজ 8

Al-An'am · 6:160

مَنْ جَاءَ بِالْحَسَنَةِ فَلَهُ عَشْرُ أَمْثَالِهَا ۖ وَمَنْ جَاءَ بِالسَّيِّئَةِ فَلَا يُجْزَىٰ إِلَّا مِثْلَهَا وَهُمْ لَا يُظْلَمُونَ

যিয়ে সৎকৰ্ম লৈ আহিব তেওঁ তাৰ দহগুণ (ছোৱাব) পাব, আৰু যিয়ে অসৎকৰ্ম লৈ আহিব তাক কেৱল সেই অনুপাতেই প্ৰতিদান দিয়া হ’ব আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব।

তাফছীৰ

ক্বিয়ামতৰ দিনা আল্লাহে মুমিনসকলৰ এটা নেকীৰ পৰিবৰ্তে দহটা নেকী প্ৰদান কৰিব। আনহাতে এটা পাপকৰ্মৰ পৰিবৰ্তে গুনাহ অনুপাতেই শাস্তি দিয়া হ'ব,ক্বিয়ামতৰ দিনা ছোৱাব হ্ৰাস কৰি অথবা শাস্তি বৃদ্ধি কৰি সিহঁতক কোনো ধৰণৰ অন্যায় কৰা নহ'ব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক