ছূৰা 6 · জুজ 8

Al-An'am · 6:159

إِنَّ الَّذِينَ فَرَّقُوا دِينَهُمْ وَكَانُوا شِيَعًا لَسْتَ مِنْهُمْ فِي شَيْءٍ ۚ إِنَّمَا أَمْرُهُمْ إِلَى اللَّهِ ثُمَّ يُنَبِّئُهُمْ بِمَا كَانُوا يَفْعَلُونَ

নিশ্চয় যিসকলে নিজৰ দ্বীনক বিচ্ছিন্ন কৰিছে আৰু বিভিন্ন দলত বিভক্ত হৈছে, সিহঁতৰ লগত তোমাৰ কোনো সম্পৰ্ক নাই; সিহঁতৰ বিষয়টো আল্লাহৰ ওচৰত, তাৰ পিছত তেৱেঁই সিহঁতক সিহঁতৰ কৃতকৰ্ম সম্পৰ্কে অৱগত কৰাব।

তাফছীৰ

যিসকল ইয়াহুদী আৰু ঈছায়ীয়ে নিজৰ ধৰ্মক বিভিন্ন ভাগত বিভক্ত কৰিছে, কিছুমানক গ্ৰহণ কৰিছে আৰু কিছুমানক এৰি দিছে তথা বিভিন্ন দলত বিভিক্ত হৈছে। হে ৰাছুল! সিহঁতৰ লগত আপোনাৰ কোনো সম্পৰ্ক নাই। সিহঁতৰ পথভ্ৰষ্টতাৰ পৰা আপুনি সম্পূৰ্ণৰূপে মুক্ত। আপোনাৰ দায়িত্ব হৈছে কেৱল সিহঁতক সতৰ্ক কৰা। সিহঁতৰ সকলো বিষয় আল্লাহৰ দায়িত্বত। তেৱেঁই ক্বিয়ামতৰ দিনা সিহঁতক পৃথিৱীত কৰা কৰ্ম সম্পৰ্কে অৱগত কৰাব আৰু ইয়াৰ প্ৰতিদানো প্ৰদান কৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক