ছূৰা 6 · জুজ 8
Al-An'am · 6:158
هَلْ يَنْظُرُونَ إِلَّا أَنْ تَأْتِيَهُمُ الْمَلَائِكَةُ أَوْ يَأْتِيَ رَبُّكَ أَوْ يَأْتِيَ بَعْضُ آيَاتِ رَبِّكَ ۗ يَوْمَ يَأْتِي بَعْضُ آيَاتِ رَبِّكَ لَا يَنْفَعُ نَفْسًا إِيمَانُهَا لَمْ تَكُنْ آمَنَتْ مِنْ قَبْلُ أَوْ كَسَبَتْ فِي إِيمَانِهَا خَيْرًا ۗ قُلِ انْتَظِرُوا إِنَّا مُنْتَظِرُونَ
সিহঁতে কেৱল এইটোৰ প্ৰতীক্ষাত আছে নেকি যে, সিহঁতৰ ওচৰত ফিৰিস্তা আহিব, অথবা তোমাৰ ৰব আহিব, নাইবা তোমাৰ ৰব’ৰ কোনো নিদৰ্শন আহিব? (জানি থোৱা) যিদিনা তোমাৰ ৰব’ৰ কোনো নিদৰ্শন আহিব সেইদিনা যিয়ে পূৰ্বে ঈমান আনা নাছিল তাৰ ঈমান কোনো কামত নাহিব, অথবা যি ব্যক্তি ঈমানৰ মাধ্যমত কল্যাণ লাভ কৰা নাই (তাৰ ঈমানো কোনো কামত নাহিব)। কোৱা, ‘তোমালোকে প্ৰতীক্ষা কৰা, আমিও প্ৰতীক্ষাত থাকিলো’।
তাফছীৰ
এই অস্বীকাৰকাৰী সকলে কেৱল এই অপেক্ষাত আছে যে, মালাকুল মউত তথা তেওঁৰ সহায়ক সকল আহি সিহঁতৰ প্ৰাণ হৰণ কৰক, অথবা আখিৰাতত বিচাৰ ফয়চালাৰ দিনা আপোনাৰ প্ৰতিপালক আহি সিহঁতৰ মাজত ফয়চালা কৰক। অথবা আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা ক্বিয়ামতৰ কিছুমান নিদৰ্শন অহাৰ অপেক্ষাত আছে। (এতেকে সিহঁতে জানি থোৱা উচিত যে,) যেতিয়া আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা কিছুমান নিদৰ্শন প্ৰকট হ'ব (যেনে পশ্চিমৰ পৰা সূৰ্য উদয় হোৱা) তেতিয়া কোনো কাফিৰৰ ঈমানে আৰু কোনো মুমিনৰ সত্কৰ্মই, যিয়ে পূৰ্বে সত্কৰ্ম কৰা নাই, একোৱে উপকাৰ সাধন নকৰিব। হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কওঁক যে, তোমালোকে ইয়াৰ যিকোনো এটাৰ অপেক্ষা কৰা, আমিও অপেক্ষা কৰি আছো।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক