ছূৰা 6 · জুজ 8
Al-An'am · 6:155
وَهَٰذَا كِتَابٌ أَنْزَلْنَاهُ مُبَارَكٌ فَاتَّبِعُوهُ وَاتَّقُوا لَعَلَّكُمْ تُرْحَمُونَ
আৰু এই কিতাব, যিটো আমি অৱতীৰ্ণ কৰিছো – বৰকতময়। সেয়ে তোমালোকে ইয়াৰ অনুসৰণ কৰা আৰু তাক্বৱা অৱলম্বন কৰা, যাতে তোমালোকে ৰহমতপ্ৰাপ্ত হোৱা।
তাফছীৰ
এই কোৰআন এখন পুথি, যিটোক আমি অৱতীৰ্ণ কৰিছো, মহা বৰকতময়। কিয়নো ইয়াত দ্বীন তথা দুনিয়া উভয়ৰে কল্যাণৰ বৰ্ণনা আছে। এতেকে ইয়াৰ বিধান অনুসাৰে জীৱন যাপন কৰা আৰু ইয়াৰ বিৰোধিতাৰ পৰা বিৰত থাকা, যাতে তোমালোকৰ প্ৰতি কৃপা কৰা হয়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক