ছূৰা 6 · জুজ 8

Al-An'am · 6:156

أَنْ تَقُولُوا إِنَّمَا أُنْزِلَ الْكِتَابُ عَلَىٰ طَائِفَتَيْنِ مِنْ قَبْلِنَا وَإِنْ كُنَّا عَنْ دِرَاسَتِهِمْ لَغَافِلِينَ

যাতে তোমালোকে এইটো নোকোৱা যে, ‘কিতাব কেৱল আমাৰ পূৰ্বে দুটা সম্প্ৰদায়ৰ প্ৰতিহে অৱতীৰ্ণ হৈছিল; আৰু আমি সিহঁতৰ অধ্যয়ন সম্পৰ্কে গাফিল আছিলো’,

তাফছীৰ

(হে আৰবৰ মুশ্বৰিকসকল, আমি তোমালোককো পুথি প্ৰদান কৰিছো) যাতে তোমালোকে এইটো ক'ব নোৱাৰা যে, আল্লাহে তাওৰাত আৰু ইঞ্জীল আমাৰ পূৰ্বে ইয়াহুদী তথা ঈছায়ীসকলকহে প্ৰদান কৰিছিল, এতেকে যিহেতু আমাৰ প্ৰতি কোনো পুথি অৱতীৰ্ণ কৰা নাই আৰু আমি সিহঁতৰ পুথিও পঢ়িব নোৱাৰো, কাৰণ সেইবোৰ সিহঁতৰ ভাষাত অৱতীৰ্ণ, আমাৰ ভাষাত নহয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক