ছূৰা 6 · জুজ 8

Al-An'am · 6:154

ثُمَّ آتَيْنَا مُوسَى الْكِتَابَ تَمَامًا عَلَى الَّذِي أَحْسَنَ وَتَفْصِيلًا لِكُلِّ شَيْءٍ وَهُدًى وَرَحْمَةً لَعَلَّهُمْ بِلِقَاءِ رَبِّهِمْ يُؤْمِنُونَ

এতেকে আমি মুছাক প্ৰদান কৰিছিলো কিতাব, যিয়ে সৎকৰ্ম কৰিছে তাৰ বাবে পৰিপূৰ্ণতাস্বৰূপ, প্ৰতিটো বস্তুৰ বিশদ বিৱৰণ, হিদায়ত আৰু ৰহমতস্বৰূপ—যাতে সিহঁতে সিহঁতৰ প্ৰতিপালকৰ সাক্ষাত সম্বন্ধে ঈমান ৰাখে।

তাফছীৰ

এইবোৰ সংবাদ দিয়াৰ পিছত আৰু জনাওঁ যে, আমিয়েই মুছাক তাওৰাত প্ৰদান কৰিছিলো, তেওঁৰ নেক কৰ্মৰ পূৰ্ণ প্ৰতিদান দিয়াৰ বাবে তথা দ্বীন সম্পৰ্কীয় প্ৰত্যেক আৱশ্যকীয় বিষয় স্পষ্টভাৱে বৰ্ণনা কৰাৰ বাবে। সেই পুথিখন আছিল সত্যৰ পথপ্ৰদৰ্শক আৰু অনুগ্ৰহ। যাতে সিহঁতে ক্বিয়ামতৰ দিনা প্ৰতিপালকৰ সাক্ষাতৰ প্ৰতি ঈমান পোষণ কৰে আৰু পূণ্যৰ কাম কৰি তাৰ বাবে প্ৰস্তুতি লয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক