ছূৰা 6 · জুজ 8
Al-An'am · 6:153
وَأَنَّ هَٰذَا صِرَاطِي مُسْتَقِيمًا فَاتَّبِعُوهُ ۖ وَلَا تَتَّبِعُوا السُّبُلَ فَتَفَرَّقَ بِكُمْ عَنْ سَبِيلِهِ ۚ ذَٰلِكُمْ وَصَّاكُمْ بِهِ لَعَلَّكُمْ تَتَّقُونَ
আৰু এইটোৱেই আমাৰ সৰল পথ। এতেকে তোমালোকে ইয়াৰ অনুসৰণ কৰা আৰু বিভিন্ন পথ অনুসৰণ নকৰিবা, অন্যথা সেয়া তোমালোকক ইয়াৰ পৰা বিচ্ছিন্ন কৰিব। এইদৰে আল্লাহে তোমালোকক নিৰ্দেশ প্ৰদান কৰে যাতে তোমালোকে তাক্বৱাৰ অধিকাৰী হোৱা।
তাফছীৰ
লগতে তেওঁ ভ্ৰান্ত পথত পৰিচালিত হোৱাকো হাৰাম কৰিছে, বৰং তোমালোকৰ ওপৰত অনিবাৰ্য আল্লাহৰ পোন পথত পৰিচালিত হোৱা। যি পথত কোনো বক্ৰতা নাই। ভ্ৰান্ত পথে তোমালোকক পোন পথৰ পৰা পৃথক তথা আঁতৰাই দিব। আল্লাহে তোমালোকক সঠিক তথা পোন পথত পৰিচালিত হোৱাৰ নিৰ্দেশ দিছে। যাতে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক