ছূৰা 6 · জুজ 8
Al-An'am · 6:152
وَلَا تَقْرَبُوا مَالَ الْيَتِيمِ إِلَّا بِالَّتِي هِيَ أَحْسَنُ حَتَّىٰ يَبْلُغَ أَشُدَّهُ ۖ وَأَوْفُوا الْكَيْلَ وَالْمِيزَانَ بِالْقِسْطِ ۖ لَا نُكَلِّفُ نَفْسًا إِلَّا وُسْعَهَا ۖ وَإِذَا قُلْتُمْ فَاعْدِلُوا وَلَوْ كَانَ ذَا قُرْبَىٰ ۖ وَبِعَهْدِ اللَّهِ أَوْفُوا ۚ ذَٰلِكُمْ وَصَّاكُمْ بِهِ لَعَلَّكُمْ تَذَكَّرُونَ
আৰু ইয়াতীম শিশু বয়ঃপ্ৰাপ্ত নোহোৱা লৈকে উত্তম ব্যৱস্থাৰ বাহিৰে তোমালোকে তাৰ সম্পত্তিৰ নিকটৱৰ্তী নহ’বা আৰু পৰিমাপ ও ওজন ন্যায়ভাৱে পৰিপূৰ্ণ প্ৰদান কৰিবা। আমি কোনো নফছক তাৰ ক্ষমতাতকৈ অধিক ভাৰ অৰ্পন নকৰো। লগতে যেতিয়া তোমালোকে কথা ক’বা তেতিয়া ইনচাফপূৰ্ণ কথা ক’বা, যদিও সেইজন তোমাৰ ঘনিষ্ট আত্মীয় নহওঁক কিয়, আৰু আল্লাহক দিয়া প্ৰতিশ্ৰুতি পুৰণ কৰিবা। এইদৰে আল্লাহে তোমালোকক নিৰ্দেশ প্ৰদান কৰে যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা।
তাফছীৰ
তেওঁ এতীমৰ (শৈশৱত যিয়ে পিতৃহাৰা হয়) সম্পদ ব্যৱহাৰ কৰিবলৈ হাৰাম কৰিছে। হয়, যদি কল্যাণ কৰাৰ বাবে তথা বৃদ্ধি কৰাৰ উদ্দেশ্যে হয় তেন্তে সেয়া সুকীয়া কথা। এই নিষেধাজ্ঞা তেতিয়ালৈকে প্ৰযোজ্য হব যেতিয়ালৈকে সি প্ৰাপ্তবয়স্ক তথা পৰিপক্ক নহয়। লগতে তেওঁ ওজনত কম কৰাও হাৰাম কৰিছে। এতেকে লেন-দেন তথা ক্ৰয়-বিক্ৰয়ত সদায় ন্যায়পৰায়ণ হ'ব লাগে। আমি কাকো সাধ্যাতীত কোনো কামৰ বোজা নিদিওঁ। এতেকে ওজনত অলপ কম বেছি হ'লে যিটোৰ পৰা পৰিত্ৰাণ পোৱা সম্ভৱ নহয়, কোনো নহয়। লগতে সাক্ষ্য দিয়াৰ সময়ত তথা কোনো সংবাদ দিয়াৰ সময়ত মিছাৰ আশ্ৰয় লোৱাকো তেওঁ হাৰাম কৰিছে। সেয়ে সাক্ষ্য প্ৰদানৰ সময়ত কোনো বন্ধু তথা আত্মীয়ৰ পক্ষ লোৱা উচিত নহয়। লগতে আল্লাহৰ লগত তথা আল্লাহৰ নামত কোনো প্ৰতিশ্ৰুতি কৰিলে সেয়া ভঙ্গ কৰাটোও তোমালোকৰ ওপৰত হাৰাম কৰিছে। এতেকে এনেকুৱা প্ৰতিশ্ৰুতি তোমালোকে পুৰণ কৰা অনিবাৰ্য। আল্লাহে তোমালোকক উক্ত বিষয়বোৰৰ গুৰুত্ব সহকাৰে আদেশ দিছে, যাতে তোমালোকে নিজৰ পৰিণাম স্মৰণ কৰা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক