ছূৰা 6 · জুজ 8

Al-An'am · 6:151

۞ قُلْ تَعَالَوْا أَتْلُ مَا حَرَّمَ رَبُّكُمْ عَلَيْكُمْ ۖ أَلَّا تُشْرِكُوا بِهِ شَيْئًا ۖ وَبِالْوَالِدَيْنِ إِحْسَانًا ۖ وَلَا تَقْتُلُوا أَوْلَادَكُمْ مِنْ إِمْلَاقٍ ۖ نَحْنُ نَرْزُقُكُمْ وَإِيَّاهُمْ ۖ وَلَا تَقْرَبُوا الْفَوَاحِشَ مَا ظَهَرَ مِنْهَا وَمَا بَطَنَ ۖ وَلَا تَقْتُلُوا النَّفْسَ الَّتِي حَرَّمَ اللَّهُ إِلَّا بِالْحَقِّ ۚ ذَٰلِكُمْ وَصَّاكُمْ بِهِ لَعَلَّكُمْ تَعْقِلُونَ

কোৱা, ‘আহা, তোমালোকৰ ওপৰত তোমালোকৰ প্ৰতিপালকে যি হাৰাম কৰিছে সেয়া তিলাৱত কৰি শুনাওঁ যে, ‘তোমালোকে তেওঁৰ লগত কাকো অংশীদাৰ স্থাপন নকৰিবা, পিতৃ-মাতৃৰ লগত সদ্ব্যৱহাৰ কৰিবা, দৰিদ্ৰতাৰ ভয়ত তোমালোকে নিজ সন্তানক হত্যা নকৰিবা, আমিয়েই তোমালোকক আৰু সিহঁতক জীৱিকা দান কৰো। প্ৰকাশ্য হওঁক অথবা গোপনেই হওঁক, অশ্লীল কৰ্মৰ ওচৰলৈকেও নাযাবা। আল্লাহে হাৰাম কৰা কোনো নফছক যথাৰ্থ কাৰণবিহীন তোমালোকে তাক হত্যা নকৰিবা’। তেওঁ তোমালোকক এই নিৰ্দেশ দিলে যাতে তোমালোকে বুজিব পাৰা।

তাফছীৰ

হে ৰাছুল! আপুনি মানুহক কওঁক যে, আহা মই তোমালোকক পাঠ কৰি শুনাও, আল্লাহে কি কি হাৰাম কৰিছে। কোনো সৃষ্টিক আল্লাহৰ লগতে অংশী কৰাটো আল্লাহে হাৰাম কৰিছে, পিতৃ-মাতৃৰ অবাধ্যতা কৰা হাৰাম কৰিছে বৰং তেওঁলোকৰ লগত সদ্ব্যৱহাৰ তোমালোকৰ ওপৰত অনিবাৰ্য কৰিছে। লগতে দৰিদ্ৰতাৰ ভয়ত নিজৰ সন্তান হত্যা কৰাকো হাৰাম কৰিছে, যিদৰে অজ্ঞতা যুগৰ লোকসকলে কৰিছিল। আমি তোমালোকক আৰু সিহঁতকো জীৱিকা প্ৰদান কৰো। লগতে তেওঁ অশ্লীলতাৰ নিকটৱৰ্তী হোৱাকো হাৰাম কৰিছে, প্ৰকাশ্য হওঁক অথবা অপ্ৰকাশ্য। লগতে তেওঁ নিৰপৰাধ ব্যক্তিক হত্যা কৰাও হাৰাম কৰিছে, উচিত কাৰণ থাকিলে সেয়া সুকীয়া কথা, যেনেঃ বিবাহিত ব্যক্তিয়ে ব্যভিচাৰ কৰিলে, ইছলাম পৰিত্যাগ কৰিলে। আল্লাহে তোমালোকক এইবোৰ কথাৰ উপদেশ দিছে, যাতে তোমালোকে আল্লাহৰ আদেশ- নিষেধবোৰ বুজি পোৱা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক