ছূৰা 6 · জুজ 8
Al-An'am · 6:150
قُلْ هَلُمَّ شُهَدَاءَكُمُ الَّذِينَ يَشْهَدُونَ أَنَّ اللَّهَ حَرَّمَ هَٰذَا ۖ فَإِنْ شَهِدُوا فَلَا تَشْهَدْ مَعَهُمْ ۚ وَلَا تَتَّبِعْ أَهْوَاءَ الَّذِينَ كَذَّبُوا بِآيَاتِنَا وَالَّذِينَ لَا يُؤْمِنُونَ بِالْآخِرَةِ وَهُمْ بِرَبِّهِمْ يَعْدِلُونَ
কোৱা, ‘তোমালোকৰ সাক্ষীসকলক লৈ আহা, যিসকলে এই সাক্ষী দিব যে, আল্লাহে এইটো হাৰাম কৰিছে’। সিহঁতে সাক্ষী দিলেও তুমি সিহঁতৰ লগত সাক্ষী নিদিবা। তুমি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা, যিসকলে আমাৰ আয়াতসমূহক মিথ্যাৰোপ কৰে আৰু যিসকলে আখিৰাতত বিশ্বাস স্থাপন নকৰে। সিহঁতেই নিজ প্ৰতিপালকৰ সমকক্ষ নিৰ্ধাৰণ কৰে।
তাফছীৰ
হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক, যিসকলে হালালক হাৰাম বুলি কয় আৰু দাবী কৰে যে, এইবোৰক আল্লাহে হাৰাম কৰিছেঃ তোমালোকে নিজৰ সাক্ষী প্ৰস্তুত কৰা, যিসকলে এই সাক্ষ্য প্ৰদান কৰিব যে, এইবোৰক আল্লাহেই হাৰাম কৰিছে। যদি সিহঁতে তথ্যহীন ভাৱে সাক্ষ্য দিয়ে যে, আল্লাহে এইবোৰক হাৰাম কৰিছে তেন্তে হে ৰাছুল! আপুনি সিহঁতৰ এই সাক্ষ্য স্বীকাৰ নকৰিব। কিয়নো সিহঁত হৈছে মিছলীয়া। আৰু আপুনি সিহঁতৰ ইচ্ছা আকাংক্ষাৰ অনুসৰণ নকৰিব, যিসকলে নিজৰ প্ৰবৃত্তিক নিৰ্ণায়ক বুলি ভাৱে। কিয়নো সিহঁতে হালালক হাৰাম কৰি আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে। লগতে সিহঁতৰো অনুসৰণ নকৰিব, যিসকলে আখিৰাতৰ প্ৰতি বিশ্বাস নকৰে, সিহঁতে নিজ প্ৰতিপালকৰ লগত শ্বিৰ্ক কৰে আৰু তেওঁৰ সমকক্ষ স্থিৰ কৰে। যিসকলে নিজ প্ৰতিপালকৰ লগত এনেকুৱা আচৰণ কৰে, তেনেকুৱা লোকৰ পদাঙ্ক অনুসৰণ কৰা কেনেকৈ সম্ভৱ?
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক