ছূৰা 6 · জুজ 7

Al-An'am · 6:14

قُلْ أَغَيْرَ اللَّهِ أَتَّخِذُ وَلِيًّا فَاطِرِ السَّمَاوَاتِ وَالْأَرْضِ وَهُوَ يُطْعِمُ وَلَا يُطْعَمُ ۗ قُلْ إِنِّي أُمِرْتُ أَنْ أَكُونَ أَوَّلَ مَنْ أَسْلَمَ ۖ وَلَا تَكُونَنَّ مِنَ الْمُشْرِكِينَ

কোৱা, ‘মই আকাশমণ্ডল আৰু পৃথিৱীৰ স্ৰষ্টা আল্লাহক এৰি আনক অভিভাৱক ৰূপে গ্ৰহণ কৰিম নেকি? তেৱেঁই আহাৰ প্ৰদান কৰে কিন্তু তেওঁক আহাৰ প্ৰদান কৰা নহয়’। কোৱা, ‘নিশ্চয় মোক আদেশ কৰা হৈছে যে, যিসকলে ইছলাম গ্ৰহণ কৰিছে ময়েই যেন সিহঁতৰ মাজত প্ৰথম হওঁ, (মোক আৰু আদেশ কৰা হৈছে যে) তুমি কেতিয়াও মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহ’বা’।

তাফছীৰ

হে ৰাছুল! আপুনি সেইসকল মুশ্বৰিকক কৈ দিয়ক, যিসকলে আল্লাহৰ লগতে মূৰ্তি আদিৰো পূজা-পাঠ কৰে, এইটো বিবেক সন্মত হ'ব পাৰেনে যে, মই আল্লাহৰ বাহিৰে আনক সহায়ক হিচাপে মানি লম অথবা তাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিম, অথচ আল্লাহেই আকাশ আৰু পৃথিৱী সৃষ্টি কৰিছে পূৰ্বৰ কোনো উপমা নোহোৱাকৈ। তেৱেঁই বান্দাসকলৰ মাজত যাক ইচ্ছা কৰে জীৱিকা প্ৰদান কৰে। কিন্তু কোনো বান্দাই তেওঁক জীৱিকা প্ৰদান নকৰে। তেওঁ বান্দাসকলৰ পৰা অমুখাপেক্ষী। কিন্তু সকলোৱে তেওঁৰ মুখাপেক্ষী। হে ৰাছুল! আপুনি কৈ দিয়ক যে, আল্লাহে মোক আদেশ কৰিছে, মই যেন এই উম্মতৰ মাজত সৰ্বপ্ৰথম আত্মসমৰ্পনকাৰী হৈ যাওঁ। লগতে মোক সেই সকল লোকৰ অন্তৰ্ভুক্ত হ'বলৈ নিষেধ কৰিছে, যিসকলে তেওঁৰ সৈতে আনক অংশীদাৰ কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক