ছূৰা 6 · জুজ 8
Al-An'am · 6:135
قُلْ يَا قَوْمِ اعْمَلُوا عَلَىٰ مَكَانَتِكُمْ إِنِّي عَامِلٌ ۖ فَسَوْفَ تَعْلَمُونَ مَنْ تَكُونُ لَهُ عَاقِبَةُ الدَّارِ ۗ إِنَّهُ لَا يُفْلِحُ الظَّالِمُونَ
কোৱা, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে তোমালোকৰ অৱস্থানত থাকি কাম কৰা, নিশ্চয় ময়ো মোৰ কাম কৰি আছো। তোমালোকে অতি সোনকালে জানিব পাৰিবা, কাৰ পৰিণাম মঙ্গলময়। নিশ্চয় যালিমসকল সফল নহয়’।
তাফছীৰ
হে ৰাছুল! কওক যে, হে মোৰ সম্প্ৰদায়ৰ লোকসকল! তোমালোকে নিজৰ অৱস্থাত আৰু কুফৰ তথা পথভ্ৰষ্টতাত অটল থাকা, অৱশ্যে মই স্পষ্টৰূপে বাৰ্তা পৌঁচাই প্ৰমাণ সাব্যস্ত কৰিছো। এতেকে তোমালোকৰ পথভ্ৰষ্টতা তথা কুফুৰীৰ প্ৰতি মই কোনো ভ্ৰুক্ষেপ নকৰো। ময়ো সেই সত্যৰ ওপৰত অটল থাকিম যিটো মোৰ ওচৰত আছে। এতেকে অনতিপলমে তোমালোকে জানিবলৈ পাবা যে পৃথিৱীত কোনে সহায় প্ৰাপ্ত হয় আৰু কোনে পৃথিৱীৰ উত্তৰাধিকাৰী লাভ কৰে আৰু কোনে আখিৰাতত আনন্দ উপভোগ কৰিব। এই কথা নিশ্চিত যে, মুশ্বৰিকসকল পৃথিৱী আৰু আখিৰাতত কেতিয়াও সফলতা লাভ কৰিব নোৱাৰে। বৰং ক্ষতিগ্ৰস্ততা হ'ব সিহঁতৰ পৰিণাম। যদিও পৃথিৱীত সিহঁতে তোমালোকৰ দৰেই অনুগ্ৰহসমূহৰ পৰা উপকৃত হয়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক