ছূৰা 6 · জুজ 8
Al-An'am · 6:136
وَجَعَلُوا لِلَّهِ مِمَّا ذَرَأَ مِنَ الْحَرْثِ وَالْأَنْعَامِ نَصِيبًا فَقَالُوا هَٰذَا لِلَّهِ بِزَعْمِهِمْ وَهَٰذَا لِشُرَكَائِنَا ۖ فَمَا كَانَ لِشُرَكَائِهِمْ فَلَا يَصِلُ إِلَى اللَّهِ ۖ وَمَا كَانَ لِلَّهِ فَهُوَ يَصِلُ إِلَىٰ شُرَكَائِهِمْ ۗ سَاءَ مَا يَحْكُمُونَ
আল্লাহে যি শস্য আৰু চতুষ্পদ জন্তু সৃষ্টি কৰিছে সেইবোৰৰ পৰা সিহঁতে আল্লাহৰ বাবে এটা অংশ নিৰ্দিষ্ট কৰে আৰু নিজৰ ধাৰণা অনুযায়ী কয়, ‘এইটো আল্লাহৰ বাবে আৰু এইটো আমাৰ শ্বৰীকসকলৰ বাবে’। এতেকে যিটো সিহঁতৰ শ্বৰীকসকলৰ অংশ সেয়া আল্লাহৰ ওচৰত গৈ নাপায় কিন্তু যিটো আল্লাহৰ অংশ সেয়া সিহঁতৰ শ্বৰীকসকলৰ ওচৰত পৌঁচি যায়, সিহঁতে যি ফয়চালা কৰে সেয়া কিমান যে নিকৃষ্ট!
তাফছীৰ
মুশ্বৰিকসকলে এটা নতুন পদ্ধতি আৱিষ্কাৰ কৰিছে, সিহঁতে আল্লাহে সৃষ্টি কৰা খেতি আৰু জীৱ-জন্তুৰ মাজত ভাগ-বটৱাৰা কৰিবলৈ আৰম্ভ কৰিছে। ফলত সিহঁতে দাবী কৰে যে, এটা অংশ আল্লাহৰ বাবে আৰু আনটো সিহঁতৰ মূৰ্তি তথা বেদীৰ বাবে নিৰ্দিষ্ট। এতেকে সিহঁতৰ দেৱ-দেৱীৰ বাবে নিৰ্দিষ্ট অংশ, আল্লাহে আদেশ কৰা শিতানত খৰচ হ'ব নোৱাৰে, যেনেঃ দুখীয়া নিচলা, ফকীৰ, মিছকীনৰ বাবে। আনহাতে আল্লাহৰ বাবে নিৰ্দিষ্ট অংশ কিন্তু সিহঁতৰ দেৱ-দেৱী তথা সিহঁতৰ হিতত ব্যয় কৰে। সিহঁতৰ এই ভাগ-বটৱাৰা আৰু সিদ্ধান্ত কিমান যে নিকৃষ্ট।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক