ছূৰা 6 · জুজ 8

Al-An'am · 6:124

وَإِذَا جَاءَتْهُمْ آيَةٌ قَالُوا لَنْ نُؤْمِنَ حَتَّىٰ نُؤْتَىٰ مِثْلَ مَا أُوتِيَ رُسُلُ اللَّهِ ۘ اللَّهُ أَعْلَمُ حَيْثُ يَجْعَلُ رِسَالَتَهُ ۗ سَيُصِيبُ الَّذِينَ أَجْرَمُوا صَغَارٌ عِنْدَ اللَّهِ وَعَذَابٌ شَدِيدٌ بِمَا كَانُوا يَمْكُرُونَ

আৰু যেতিয়া সিহঁতৰ ওচৰত কোনো নিদৰ্শন আহে তেতিয়া সিহঁতে কয়, ‘আল্লাহৰ ৰাছুলসকলক যি প্ৰদান কৰা হৈছিল সেয়া আমাক প্ৰদান নকৰা লৈকে আমি কেতিয়াও ঈমান পোষণ নকৰিম’। আল্লাহে তেওঁৰ ৰিছালত ক’ত অৰ্পন কৰিব সেয়া তেৱেঁই ভালকৈ জানে। যিসকলে অপৰাধ কৰিছে, সিহঁতৰ চক্ৰান্তৰ কাৰণে আল্লাহৰ তৰফৰ পৰা লাঞ্ছনা আৰু কঠোৰ শাস্তি অনতিপলমে সিহঁতৰ ওপৰত আপতিত হ’ব।

তাফছীৰ

যেতিয়া কাফিৰসকলৰ নেতাৰ ওচৰত আল্লাহৰ দ্বাৰা নবীৰ ওপৰত অৱতীৰ্ণ কোনো নিদৰ্শন আহে, তেতিয়া সিহঁতে কয়ঃ আমি কেতিয়াও ইয়াৰ প্ৰতি ঈমান পোষণ নকৰো, যেতিয়া লৈকে আমাকো নবীসকলৰ দৰে ৰিছালত তথা নবুওৱত প্ৰদান কৰা নহ'ব। আল্লাহে সিহঁতৰ এই কথাৰ প্ৰত্যুত্তৰ প্ৰদান কৰি কৈছে যে, তেৱেঁই ভালদৰে জানে কোন ৰিছালত পোৱাৰ যোগ্য আৰু কোনে এই দায়িত্ব পালন কৰিব পাৰিব, সেই ব্যক্তিকেই তেওঁ নুবুওৱত আৰু ৰিছালত প্ৰদান কৰে। নিশ্চয় এইসকল পাপিষ্ঠই অহংকাৰবশতঃ সত্যৰ পৰা বিমুখ হোৱাৰ কাৰণে লগতে অপমান তথা চক্ৰান্ত কৰাৰ কাৰণে যন্ত্ৰণাদায়ক শাস্তি ভোগ কৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক