ছূৰা 6 · জুজ 8

Al-An'am · 6:123

وَكَذَٰلِكَ جَعَلْنَا فِي كُلِّ قَرْيَةٍ أَكَابِرَ مُجْرِمِيهَا لِيَمْكُرُوا فِيهَا ۖ وَمَا يَمْكُرُونَ إِلَّا بِأَنْفُسِهِمْ وَمَا يَشْعُرُونَ

আৰু এইদৰে আমি প্ৰতিটো জনপদৰ অপৰাধীসকলৰ প্ৰধানক এৰি দিছো যাতে সিহঁতে তাত চক্ৰান্ত কৰে; কিন্তু সিহঁতে কেৱল নিজৰ বিৰুদ্ধেহে চক্ৰান্ত কৰে, অথচ সিহঁতে উপলব্ধি নকৰে।

তাফছীৰ

যিদৰে মক্কাৰ মুশ্বৰিক নেতা সকলে মানুহক আল্লাহৰ পথত আহিবলৈ বাধা সৃষ্টি কৰিছিল, ঠিক সেইদৰে আমি প্ৰতিটো জনপদতে নেতা আৰু প্ৰধান বনাইছো, যিসকলে চয়তানৰ পথত আহ্বান কৰে তথা ৰাছুল আৰু তেওঁৰ অনুসাৰী সকলৰ বিৰুদ্ধে চক্ৰান্ত ৰচনা কৰে, কিন্তু প্ৰকৃততে এই চক্ৰান্ত সিহঁতৰ নিজৰ বিৰুদ্ধেই প্ৰযোজ্য হ'ব। কিন্তু প্ৰবৃত্তিৰ অনুসৰণ আৰু অজ্ঞানতাৰ ফলত সিহঁতে এই কথা উপলব্ধি কৰিব নোৱাৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক