ছূৰা 6 · জুজ 8

Al-An'am · 6:125

فَمَنْ يُرِدِ اللَّهُ أَنْ يَهْدِيَهُ يَشْرَحْ صَدْرَهُ لِلْإِسْلَامِ ۖ وَمَنْ يُرِدْ أَنْ يُضِلَّهُ يَجْعَلْ صَدْرَهُ ضَيِّقًا حَرَجًا كَأَنَّمَا يَصَّعَّدُ فِي السَّمَاءِ ۚ كَذَٰلِكَ يَجْعَلُ اللَّهُ الرِّجْسَ عَلَى الَّذِينَ لَا يُؤْمِنُونَ

এতেকে আল্লাহে কাৰোবাক সৎপথত পৰিচালিত কৰিব বিচাৰিলে তেওঁ তাৰ বুকু ইছলামৰ বাবে প্ৰশস্ত কৰি দিয়ে, আৰু কাৰোবাক বিপথগামী কৰিব বিচাৰিলে তেওঁ তাৰ বুকু অতি সংকীৰ্ণ কৰি দিয়ে, (সেই ব্যক্তিৰ ওচৰত ইছলামৰ অনুসৰণ) এনে লাগে যেন সি বহু কষ্টৰে আকাশলৈ উঠি আছে। এইদৰেই আল্লাহে শাস্তি দিয়ে সিহঁতক, যিসকলে ঈমান পোষণ নকৰে।

তাফছীৰ

আল্লাহে যাক সুপথ দেখুৱাব বিচাৰে, তাৰ বুকু প্ৰশস্ত কৰি দিয়ে, লগতে তাক ইছলাম স্বীকাৰ কৰিবলৈ প্ৰস্তুত কৰি দিয়ে। আনহাতে যাক অকলশৰীয়া কৰিব বিচাৰে তথা সুপথৰ পৰা দূৰ কৰিব বিচাৰে, তাৰ বুকু ইমান সংকুচিত কৰি দিয়ে যে তাত সত্য প্ৰৱেশ কৰিবই নোৱাৰে। সত্য স্বীকাৰ কৰা তাৰ ওচৰত এনে লাগে যেন সি বহু কষ্টৰে আকাশৈ উঠি আছে, প্ৰকৃততে যিটো অসম্ভৱ। যিদৰে আল্লাহে পথভ্ৰষ্ট ব্যক্তিসকলক সংকীৰ্ণতাত পতিত কৰিছে, ঠিক সেইদৰে তেওঁ সেইসকল লোককো শাস্তি প্ৰদান কৰিব যিসকলে ইয়াৰ প্ৰতি ঈমান পোষণ কৰা নাই।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক