ছূৰা 6 · জুজ 8
Al-An'am · 6:116
وَإِنْ تُطِعْ أَكْثَرَ مَنْ فِي الْأَرْضِ يُضِلُّوكَ عَنْ سَبِيلِ اللَّهِ ۚ إِنْ يَتَّبِعُونَ إِلَّا الظَّنَّ وَإِنْ هُمْ إِلَّا يَخْرُصُونَ
আৰু যদি তুমি পৃথিৱীৰ অধিকাংশ লোকৰ কথামতে চলা, তেন্তে সিহঁতে তোমাক আল্লাহৰ পথৰ পৰা বিচ্যুত কৰিব। সিহঁতে কেৱল ধাৰণাৰ অনুসৰণ কৰে, আৰু কেৱল অনুমান ভিত্তিক কথা কয়।
তাফছীৰ
ধৰি লোৱা হ'ল হে ৰাছুল! আপুনি পৃথিৱীৰ অধিকাংশ লোকক অনুসৰণ কৰা আৰম্ভ কৰিলে, তেন্তে জানি থওঁক, সিহঁতেই আপোনাক আল্লাহৰ দ্বীনৰ পথভ্ৰষ্ট কৰিব। কাৰণ আগৰ পৰাই আল্লাহৰ এই ৰীতি চলি আহিছে যে, সত্য কেৱল সংখ্যালঘুৰ ওচৰত থাকে। অধিকাংশ লোকে কেৱল ধাৰণাৰহে অনুসৰণ কৰে, যাৰ কোনো ভিত্তি নাই। সিহঁতে ভাৱে যে, সিহঁতৰ উপাস্যবোৰে সিহঁতক আল্লাহৰ নৈকট্য লাভ কৰাই দিব। অথচ এই বিষয়ত সিহঁতে মিছাৰ আশ্ৰয় লৈছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক