ছূৰা 6 · জুজ 8

Al-An'am · 6:115

وَتَمَّتْ كَلِمَتُ رَبِّكَ صِدْقًا وَعَدْلًا ۚ لَا مُبَدِّلَ لِكَلِمَاتِهِ ۚ وَهُوَ السَّمِيعُ الْعَلِيمُ

সত্য আৰু ন্যায়ৰ ফালৰ পৰা তোমাৰ প্ৰতিপালকৰ বাণী পৰিপূৰ্ণ। তেওঁৰ বাক্যসমূহৰ পৰিবৰ্তনকাৰী কোনো নাই। তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।

তাফছীৰ

কোৰআন, বৰ্ণনা তথা সূচনাৰ ক্ষেত্ৰত সত্যতাৰ সৰ্বোচ্চ শৃঙ্গত উপনীত হৈছে। তেওঁৰ কথাক কোনেও পৰিবৰ্তন কৰিব নোৱাৰে। তেওঁ বান্দাৰ কথা শ্ৰৱণকাৰী আৰু সেই সম্পৰ্কে সম্যক অৱগত। তেওঁৰ পৰা একোৱেই গোপন নহয়। তেওঁ শীঘ্ৰেই সেই সকল লোকক সিহঁতৰ কৰ্মৰ প্ৰতিদান দিব যিসকলে তেওঁৰ শব্দ পৰিবৰ্তন কৰাৰ প্ৰয়াস কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক