ছূৰা 6 · জুজ 8

Al-An'am · 6:114

أَفَغَيْرَ اللَّهِ أَبْتَغِي حَكَمًا وَهُوَ الَّذِي أَنْزَلَ إِلَيْكُمُ الْكِتَابَ مُفَصَّلًا ۚ وَالَّذِينَ آتَيْنَاهُمُ الْكِتَابَ يَعْلَمُونَ أَنَّهُ مُنَزَّلٌ مِنْ رَبِّكَ بِالْحَقِّ ۖ فَلَا تَكُونَنَّ مِنَ الْمُمْتَرِينَ

(কোৱা) ‘মই আল্লাহৰ বাহিৰে আন কাৰোবাক ফয়চালাকাৰী হিচাপে অন্বেষণ কৰিম নেকি? অথচ তেৱেঁই তোমালোকৰ প্ৰতি বিস্তাৰিত কিতাব অৱতীৰ্ণ কৰিছে’! আৰু আমি যিসকলক কিতাব প্ৰদান কৰিছো সিহঁতে জানে যে, নিশ্চয় এইটো তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা যথাযথভাৱে নাযিলকৃত। গতিকে তুমি সন্দেহ পোষণকাৰী সকলৰ অন্তৰ্ভুক্ত নহ’বা।

তাফছীৰ

হে ৰাছুল! আপুনি এইসকল মুশ্বৰিকক কৈ দিয়ক, যিসকলে আল্লাহৰ লগতে আন আন উপাস্যৰো উপাসনা কৰে, এইটো যুক্তি সংগত হ'ব পাৰেনে যে, আল্লাহৰ বাহিৰে আন কাৰোবাক মোৰ আৰু তোমালোকৰ মাজত ন্যায় বিচাৰক হিচাপে গ্ৰহণ কৰিম, অথচ আল্লাহেই তোমালোকৰ প্ৰতি সকলো বিষয় পূৰ্ণৰূপে বৰ্ণনাকাৰী পুথি (কোৰআন) অৱতীৰ্ণ কৰিছে। ইয়াহুদীসকলক প্ৰদান কৰিছিল তাওৰাত আৰু খৃষ্টানসকলক প্ৰদান কৰিছিল ইঞ্জীল, সিহঁতে জানে যে, আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআন সত্যৰ ওপৰত প্ৰতিষ্ঠিত। এই পুথিৰ সত্যতাৰ প্ৰমাণ সিহঁতৰ পুথিতে লিপিবদ্ধ আছে। এতেকে আমি আপোনাৰ প্ৰতি যি অহী প্ৰেৰণ কৰিছো, সেই বিষয়ে আপুনি সন্দেহ পোষণকাৰী সকলৰ অন্তৰ্ভুক্ত নহ'ব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক