ছূৰা 6 · জুজ 8

Al-An'am · 6:113

وَلِتَصْغَىٰ إِلَيْهِ أَفْئِدَةُ الَّذِينَ لَا يُؤْمِنُونَ بِالْآخِرَةِ وَلِيَرْضَوْهُ وَلِيَقْتَرِفُوا مَا هُمْ مُقْتَرِفُونَ

আৰু সিহঁতে এই কাৰণে কুমন্ত্ৰণা দিয়ে যে, যিসকলে আখিৰাতৰ প্ৰতি ঈমান নাৰাখে সিহঁতৰ মন যাতে সেই চমকপ্ৰদ কথাৰ প্ৰতি অনুৰাগী হয় আৰু যাতে সিহঁতে পছন্দ কৰে; আৰু সিহঁতে যি অপকৰ্ম কৰে সেইটোৱেই যেন সিহঁতে কৰি থাকে।

তাফছীৰ

যাতে পৰস্পৰে পৰস্পৰৰ প্ৰতি কৰা সিহঁতৰ কুমন্ত্ৰণাত সেইসকল লোকো পতিত হয় যিসকলে আখিৰাতৰ প্ৰতি বিশ্বাস নকৰে, লগতে যাতে সিহঁতে ইয়াক নিজৰ বাবে স্বীকাৰ কৰে আৰু পছন্দ কৰে আৰু সেই গুনাহৰ মাজতেই যেন পতিত থাকে যিটোৰ মাজত পতিত আছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক