ছূৰা 6 · জুজ 7
Al-An'am · 6:110
وَنُقَلِّبُ أَفْئِدَتَهُمْ وَأَبْصَارَهُمْ كَمَا لَمْ يُؤْمِنُوا بِهِ أَوَّلَ مَرَّةٍ وَنَذَرُهُمْ فِي طُغْيَانِهِمْ يَعْمَهُونَ
আৰু সিহঁতে যেনেকৈ প্ৰথমবাৰতে ইয়াৰ প্ৰতি ঈমান আনা নাই, ঠিক তেনেকৈ আমিও সিহঁতৰ অন্তৰসমূহ আৰু দৃষ্টিসমূহ ওলোটাই দিম আৰু আমি সিহঁতক সিহঁতৰ অবাধ্যতাত উদ`ভ্ৰান্তৰ দৰে ঘুৰপাক খোৱা অৱস্থাত এৰি দিম।
তাফছীৰ
আমি সিহঁতৰ আৰু সত্যৰ মাজত প্ৰতিবন্ধ সৃষ্টি কৰি সিহঁতৰ হৃদয় আৰু আৰু দৃষ্টি ওলোটাই দিম। যিদৰে আমি সিহঁতৰ অবাধ্যতাৰ কাৰণে সিহঁতক কোৰআনৰ প্ৰতি ঈমান পোষণ কৰিবলৈ প্ৰতিবন্ধ লগাই দিছিলো। আৰু আমি সিহঁতক সিহঁতৰ পথভ্ৰষ্টতা তথা প্ৰতিপালকৰ অবাধ্যতাৰ ওপৰত ক্লান্ত আৰু বিভ্ৰান্ত হৈ ঘূৰি ফুৰিবলৈ এৰি দিম।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক