ছূৰা 6 · জুজ 7
Al-An'am · 6:109
وَأَقْسَمُوا بِاللَّهِ جَهْدَ أَيْمَانِهِمْ لَئِنْ جَاءَتْهُمْ آيَةٌ لَيُؤْمِنُنَّ بِهَا ۚ قُلْ إِنَّمَا الْآيَاتُ عِنْدَ اللَّهِ ۖ وَمَا يُشْعِرُكُمْ أَنَّهَا إِذَا جَاءَتْ لَا يُؤْمِنُونَ
আৰু সিহঁতে আল্লাহৰ নামত দৃঢ় শপত খাই কয়, সিহঁতৰ ওচৰত যদি কোনো নিদৰ্শন আহিলেহেঁতেন তেন্তে নিশ্চয় সিহঁতে ইয়াৰ প্ৰতি ঈমান আনিলেহেঁতেন। কোৱা, ‘নিদৰ্শন কেৱল আল্লাহৰ ওচৰত’। (হে ঈমান্দাৰসকল!) কিদৰে তোমালোকৰ উপলব্ধিত আহিব যে, যেতিয়া সেই (নিদৰ্শন) আহি যাব, তেতিয়াও সিহঁতে ঈমান নানিব?
তাফছীৰ
মুশ্বৰিকসকলে আল্লাহৰ যিমান মজবুত শপত খাব পাৰিছিল সেয়া খাই কৈছেঃ মুহাম্মদে যদি সেইবোৰ নিদৰ্শন লৈ আহে, যিবোৰৰ প্ৰস্তাৱ সিহঁতে ৰাখিছে, তেতিয়াহে সিহঁতে তেওঁক মানি লব। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক যে, নিদৰ্শনসমূহৰ কৰ্তৃত্ব মোৰ ওচৰত নাই যে, মই অৱতীৰ্ণ কৰিম। সেইবোৰ কেৱলমাত্ৰ আল্লাহৰ ওচৰত। তেওঁ যেতিয়া ইচ্ছা কৰে তেতিয়াহে অৱতীৰ্ণ কৰে। হে মুমিনসকল! তোমালোকে জানানে, সিহঁতে প্ৰস্তাৱ কৰা নিদৰ্শনসমূহ অৱতীৰ্ণ হলেও সিহঁতে ঈমান পোষণ নকৰিব, বৰং সিহঁত নিজৰ আগৰ অৱস্থাতেই অটল থাকিব, কাৰণ সিহঁতে হিদায়ত নিবিচাৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক