ছূৰা 6 · জুজ 7
Al-An'am · 6:108
وَلَا تَسُبُّوا الَّذِينَ يَدْعُونَ مِنْ دُونِ اللَّهِ فَيَسُبُّوا اللَّهَ عَدْوًا بِغَيْرِ عِلْمٍ ۗ كَذَٰلِكَ زَيَّنَّا لِكُلِّ أُمَّةٍ عَمَلَهُمْ ثُمَّ إِلَىٰ رَبِّهِمْ مَرْجِعُهُمْ فَيُنَبِّئُهُمْ بِمَا كَانُوا يَعْمَلُونَ
আল্লাহৰ বাহিৰে সিহঁতে যিবোৰক আহ্বান কৰে সেইবোৰক তোমালোকে গালি-শপনি নাপাৰিবা। কিয়নো সিহঁতে সীমালংঘন কৰি অজ্ঞানতাবশতঃ আল্লাহকো গালি দিব পাৰে, এইদৰে আমি প্ৰত্যেক জাতিৰ দৃষ্টিত সিহঁতৰ কাৰ্যকলাপ শোভনীয় কৰি দিছো; তাৰ পিছত সিহঁতৰ প্ৰতিপালকৰ ওচৰতেই সিহঁতৰ প্ৰত্যাৱৰ্তন। ইয়াৰ পিছত তেওঁ সিহঁতক সিহঁতৰ কাৰ্যকলাপ সম্পৰ্কে জনাই দিব।
তাফছীৰ
হে মুমিনসকল! মুশ্বৰিকবিলাকে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰি পূজা-পাঠ কৰা মুৰ্ত্তিবিলাকক তোমালোকে গালি-শপনি নাপাৰিবা। যদিও সেইবোৰ তুচ্ছ তথা গালি পাৰাৰ যোগ্য। এই কাৰণে যে, সিহঁতে যাতে মুৰ্খতাৰ পৰিচয় দি সীমালংঘন কৰি আল্লাহকেই গালি পাৰা আৰম্ভ নকৰে। যিদৰে সিহঁতৰ বাবে পথভ্ৰষ্টতাক সুসজ্জিত কৰি দিয়া হৈছে, ঠিক সেইদৰে আমি প্ৰত্যেক জাতিৰ বাবে সিহঁতৰ কৰ্মবোৰ সুসজ্জিত কৰি দিছো। সেয়া ভাল কৰ্মই হওঁক অথবা বেয়া। ফলত সিহঁতে সেইটোৱে কৰিলে, যিটো আমি সিহঁতৰ বাবে সৌন্দৰ্যময় কৰি দিছিলো। এতেকে ক্বিয়ামতৰ দিনা সিহঁত সকলোৰে প্ৰত্যাৱৰ্তন হ'ব নিজ প্ৰতিপালকৰ ওচৰত। তাত তেওঁ সিহঁতক পৃথিৱীত কৰা সিহঁতৰ আমল সম্পৰ্কে অৱগত কৰিব আৰু সিহঁতক ইয়াৰ প্ৰতিদান দিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক