ছূৰা 6 · জুজ 7

Al-An'am · 6:107

وَلَوْ شَاءَ اللَّهُ مَا أَشْرَكُوا ۗ وَمَا جَعَلْنَاكَ عَلَيْهِمْ حَفِيظًا ۖ وَمَا أَنْتَ عَلَيْهِمْ بِوَكِيلٍ

আল্লাহে ইচ্ছা কৰিলে সিহঁতে শ্বিৰ্ক নকৰিলেহেঁতেন। আৰু আমি তোমাক সিহঁতৰ বাবে সংৰক্ষক বনোৱা নাই আৰু তুমি সিহঁতৰ তত্বাৱধায়কো নহয়।

তাফছীৰ

আল্লাহে ইচ্ছা কৰিলে সিহঁতে কাকো অংশী স্থাপন নকৰিলেহেঁতেন। হে ৰাছুল! আমি আপোনাক সংৰক্ষক হিচাপে দায়িত্ব দিয়া নাই যে, আপুনি সিহঁতৰ আমল গণনা কৰি থাকিব। আপুনি কেৱল এজন ৰাছুল আৰু আপোনাৰ দায়িত্ব হৈছে কেৱল (দ্বীনি কথা) পৌঁচাই দিয়া।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক