ছূৰা 6 · জুজ 8
Al-An'am · 6:111
۞ وَلَوْ أَنَّنَا نَزَّلْنَا إِلَيْهِمُ الْمَلَائِكَةَ وَكَلَّمَهُمُ الْمَوْتَىٰ وَحَشَرْنَا عَلَيْهِمْ كُلَّ شَيْءٍ قُبُلًا مَا كَانُوا لِيُؤْمِنُوا إِلَّا أَنْ يَشَاءَ اللَّهُ وَلَٰكِنَّ أَكْثَرَهُمْ يَجْهَلُونَ
আৰু আমি সিহঁতৰ ওচৰত ফিৰিস্তা প্ৰেৰণ কৰিলেও আৰু মৃতসকলে সিহঁতৰ লগত কথা ক’লেও আৰু সকলো বস্তুক সিহঁতৰ সন্মুখত সমবেত কৰিলেও আল্লাহৰ ইচ্ছা নহ’লে সিহঁতে কেতিয়াও ঈমান নানিব; কিন্তু সিহঁতৰ অধিকাংশই মূৰ্খ।
তাফছীৰ
যদি আমি সিহঁতৰ প্ৰস্তাৱ মতে ফিৰিস্তা অৱতীৰ্ণ কৰিলোহেঁতেন, আৰু সিহঁতে তেওঁলোকক দেখিলেহেঁতেন লগতে মৃত ব্যক্তিয়েও সিহঁতৰ লগত কথা কলেহেঁতেন আৰু আপুনি যি লৈ আহিছে তাৰো সত্য বুলি স্বীকৃতি দিলেহেঁতেন আৰু আমি সিহঁতৰ বাবে সেই সকলো বস্তু একত্ৰিত কৰি দিলোহেঁতেন যিবোৰ সিহঁতে বিচাৰিছে, এই সকলোবোৰ সিহঁতে নিজ চকুৰে দেখিলেও আপুনি লৈ অহা দ্বীনৰ প্ৰতি ঈমান পোষণ নকৰিলেহেঁতেন। কিন্তু সিহঁতৰ মাজৰ যাক স্বয়ং আল্লাহে হিদায়ত দিব বিচাৰে তাৰ কথা সুকীয়া। কিন্তু সিহঁতৰ মাজৰ অধিকাংশই এইটো নাজানে। সেই কাৰণেই সিহঁতে আল্লাহৰ শৰণত আহি তেওঁৰ ওচৰত হিদায়ত প্ৰাৰ্থনা নকৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক