ছূৰা 59 · জুজ 28
Al-Hashr · 59:5
مَا قَطَعْتُمْ مِنْ لِينَةٍ أَوْ تَرَكْتُمُوهَا قَائِمَةً عَلَىٰ أُصُولِهَا فَبِإِذْنِ اللَّهِ وَلِيُخْزِيَ الْفَاسِقِينَ
তোমালোকে যিবোৰ খেজুৰ গছ কাটিছা আৰু যিবোৰক কাণ্ডৰ ওপৰত স্থিত অৱস্থাত ৰাখি দিছা, সেয়া আছিল কেৱল আল্লাহৰ অনুমতিক্ৰমে; যাতে তেওঁ ফাছিকসকলক লাঞ্ছিত কৰিব পাৰে।
তাফছীৰ
হে মুমিনসকল! তোমালোকে বনী নাজীৰৰ লগত যুদ্ধৰ সময়ত আল্লাহৰ শত্ৰুসকলক উত্তেজিত কৰিবলৈ যিবোৰ খেজুৰ গছ কাটিছিলা অথবা তাৰ পৰা উপকৃত হ'বলৈ যিবোৰ গছ এৰিদিছিলা সেয়া আছিল আল্লাহৰ আদেশ। সেয়া পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰাৰ বাবে নাছিল। এইবোৰ এই কাৰণে সংঘটিত হৈছিল যে, যাতে আল্লাহে অৱজ্ঞাকাৰী ইহুদীসকলক প্ৰতিশ্ৰুতি ভংগ কৰাৰ কাৰণে আৰু প্ৰৱঞ্চনাৰ পথ অৱলম্বন কৰাৰ কাৰণে অপমানিত আৰু তুচ্ছ কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক