ছূৰা 59 · জুজ 28
Al-Hashr · 59:4
ذَٰلِكَ بِأَنَّهُمْ شَاقُّوا اللَّهَ وَرَسُولَهُ ۖ وَمَنْ يُشَاقِّ اللَّهَ فَإِنَّ اللَّهَ شَدِيدُ الْعِقَابِ
এয়া এই বাবে যে, নিশ্চয় সিহঁত আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচাৰণ কৰিছিল;আৰু কোনোবাই আল্লাহৰ বিৰুদ্ধাচাৰণ কৰিলে, তেন্তে নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।
তাফছীৰ
এই শাস্তি এই কাৰণে বিহা হৈছিল যে, সিহঁতে কুফৰ আৰু প্ৰতিশ্ৰুতি ভংগ কৰি আল্লাহৰ বিৰোধিতা কৰিছিল আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতা কৰিছিল। এতেকে যিয়ে আল্লাহৰ বিৰোধিতা কৰিব তেন্তে সি জানি থোৱা উচিত, আল্লাহ অতি কঠোৰ শাস্তি প্ৰদানকাৰী। অতিশীঘ্ৰে সিহঁতে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক