ছূৰা 59 · জুজ 28
Al-Hashr · 59:6
وَمَا أَفَاءَ اللَّهُ عَلَىٰ رَسُولِهِ مِنْهُمْ فَمَا أَوْجَفْتُمْ عَلَيْهِ مِنْ خَيْلٍ وَلَا رِكَابٍ وَلَٰكِنَّ اللَّهَ يُسَلِّطُ رُسُلَهُ عَلَىٰ مَنْ يَشَاءُ ۚ وَاللَّهُ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ
আৰু আল্লাহে ইয়াহুদীসকলৰ পৰা তেওঁৰ ৰাছুলক যি ‘ফায়’ (ধন-সম্পদ) অৰ্পন কৰিছে, তাৰ বাবে তোমালোকে ঘোঁৰা অথবা উটত আৰোহণ কৰি কোনো অভিযান কৰা নাছিলা; বৰং আল্লাহে তেওঁৰ ৰাছুলসকলক যাৰ ওপৰত ইচ্ছা কৰ্তৃত্ব প্ৰদান কৰে; আৰু আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।
তাফছীৰ
আৰু বনী নাজীৰৰ যি ধন আল্লাহে তেওঁৰ ৰাছুলক দান কৰিছে, সেয়া পাবলৈ তোমালোকে ঘোঁৰা অথবা উটৰ পিঠিত উঠি কোনো অভিযান কৰা নাছিলা আৰু তোমালোকে ইয়াৰ বাবে কোনো কষ্টও কৰা নাছিলা। কিন্তু আল্লাহে তেওঁৰ ৰাছুলসকলক যাৰ প্ৰতি ইচ্ছা কৰে প্ৰভুত্ব প্ৰদান কৰে। এতেকে তেওঁ বনী নাজীৰৰ প্ৰতি তেওঁৰ ৰাছুলক প্ৰভুত্ব প্ৰদান কৰি কোনো যুদ্ধ নোহোৱাকৈ সিহঁতৰ নগৰ জয় লাভ কৰাৰ সুযোগ দান কৰিছিল। নিশ্চয় আল্লাহ প্ৰত্যেক বস্তুৰ প্ৰতি ক্ষমতাৱান। তেওঁক কোনেও পৰাজয় কৰিব নোৱাৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক