ছূৰা 59 · জুজ 28

Al-Hashr · 59:2

هُوَ الَّذِي أَخْرَجَ الَّذِينَ كَفَرُوا مِنْ أَهْلِ الْكِتَابِ مِنْ دِيَارِهِمْ لِأَوَّلِ الْحَشْرِ ۚ مَا ظَنَنْتُمْ أَنْ يَخْرُجُوا ۖ وَظَنُّوا أَنَّهُمْ مَانِعَتُهُمْ حُصُونُهُمْ مِنَ اللَّهِ فَأَتَاهُمُ اللَّهُ مِنْ حَيْثُ لَمْ يَحْتَسِبُوا ۖ وَقَذَفَ فِي قُلُوبِهِمُ الرُّعْبَ ۚ يُخْرِبُونَ بُيُوتَهُمْ بِأَيْدِيهِمْ وَأَيْدِي الْمُؤْمِنِينَ فَاعْتَبِرُوا يَا أُولِي الْأَبْصَارِ

তেৱেঁই আহলে কিতাবসকলৰ মাজত যিসকলে কুফৰী কৰিছিল সিহঁতক প্ৰথম সমাবেশৰ বাবে সিহঁতৰ আবাসভূমিৰ পৰা বিতাৰিত কৰিছিল। তোমালোকে কল্পনাও কৰা নাছিলা যে সিহঁতে ওলাই যাব; আৰু সিহঁতেও ভাবিছিল যে, সিহঁতৰ দুৰ্গসমূহে সিহঁতক আল্লাহৰ পৰা ৰক্ষা কৰিব; কিন্তু সিহঁতৰ ওচৰত আল্লাহৰ আযাব এনে ঠাইৰ পৰা আহিলে যিটো সিহঁতেও কল্পনা কৰিব পৰা নাছিল; আৰু তেওঁ সিহঁতৰ অন্তৰত আতঙ্কৰ সঞ্চাৰ কৰিলে। ফলত সিহঁতে সিহঁতৰ ঘৰ-দুৱাৰ নিজ হাতে আৰু মুমিনসকলৰ হাতেৰে ধ্বংস কৰিলে; এতেকে হে দৃষ্টিমান ব্যক্তিসকল! তোমালোকে উপদেশ গ্ৰহণ কৰা।

তাফছীৰ

তেৱেঁই বনী নজীৰৰ ইহুদীসকলক যিসকলে আল্লাহৰ লগত কুফুৰী কৰিছিল আৰু তেওঁৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক অস্বীকাৰ কৰিছিল, মদীনাত স্থিতিত সিহঁতৰ ঘৰৰ পৰা প্ৰথম আক্ৰমণতে সিহঁতক শ্বাম দেশলৈ বহিষ্কাৰ কৰিছিল। ইহঁত আছিল তাওৰাত ধাৰণকাৰী ইয়াহুদী। এই ঘটনা সংঘটিত হৈছিল যেতিয়া সিহঁতে নিজৰ প্ৰতিশ্ৰুতি ভংগ কৰিছিল আৰু মুশ্বৰিকসকলৰ সৈতে থিয় দিছিল। আল্লাহে সিহঁতক শাম দেশলৈ খেদি পঠিয়াইছিল। আনহাতে সিহঁত ইমান শক্তিশালী আৰু ক্ষমতাশীল আছিল যে, (হে মুমিনসকল) তোমালোকে ভবাও নাছিলা যে, সিহঁতে কেতিয়াবা নিজৰ ঘৰৰ পৰা বহিষ্কৃত হব। আৰু সিহঁত নিজেও ভাবি আছিল যে, সিহঁতে বনোৱা মজবুত দুৰ্গই সিহঁতক আল্লাহৰ গ্ৰেপ্তাৰী আৰু শাস্তিৰ পৰা ৰক্ষা কৰিব। কিন্তু আল্লাহৰ শাস্তি সিহঁতৰ ওচৰত কৰ পৰা আহিল, সিহঁত গমিও চাব পৰা নাছিল, যেতিয়া আল্লাহে তেওঁৰ ৰাছুলক সিহঁতৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আৰু সিহঁতক সিহঁতৰ ঘৰৰ পৰা উলিয়াই দিবলৈ আদেশ দিছিল। লগতে আল্লাহে সিহঁতৰ অন্তৰত ভয়-ভীতি সোমাই দিছিল, ফলত সিহঁতে নিজ হাতেৰে নিজৰ ঘৰৰ ভিতৰৰ বয়-বস্তু ধ্বংস কৰিছিল। যাতে মুছলিমসকলে এইবোৰৰ দ্বাৰা উপকৃত হব নোৱাৰে। গতিকে হে জ্ঞানীসকল! কুফৰী কৰাৰ কাৰণে সিহঁতৰ যি পৰিণাম হ'ল, তাৰ পৰা শিক্ষা গ্ৰহণ কৰা আৰু সিহঁতৰ দৰে নহ'বা। অন্যথা সিহঁতৰ দৰেই পৰিণাম আৰু শাস্তি ভোগ কৰিব লাগিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক