ছূৰা 59 · জুজ 28

Al-Hashr · 59:1

سَبَّحَ لِلَّهِ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ ۖ وَهُوَ الْعَزِيزُ الْحَكِيمُ

আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেই সকলোবোৰেই আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে; আৰু তেওঁ পৰাক্ৰমশালী প্ৰজ্ঞাময়।

তাফছীৰ

আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সকলোৱে আল্লাহৰ মহত্ব বৰ্ণনা কৰে আৰু সেই সকলো বস্তুৰ পৰা তেওঁৰ পৱিত্ৰতাৰ গুণ গান গায়, যিটো তেওঁৰ মৰ্যদাৰ অনুৰূপ নহয়। তেওঁ প্ৰভুত্বশালী, তেওঁৰ প্ৰতি কাৰো যোৰ নচলে। তেওঁ ৰচনা, চৰীয়ত প্ৰণয়ন আৰু নিৰ্ণয়ত প্ৰজ্ঞাময়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক