ছূৰা 59 · জুজ 28

Al-Hashr · 59:19

وَلَا تَكُونُوا كَالَّذِينَ نَسُوا اللَّهَ فَأَنْسَاهُمْ أَنْفُسَهُمْ ۚ أُولَٰئِكَ هُمُ الْفَاسِقُونَ

তোমালোকে সিহঁতৰ দৰে নহ’বা যিসকলে আল্লাহক পাহৰি গৈছে; ফলত আল্লাহেও সিহঁতক আত্মবিস্মৃত কৰিছে, ইহঁতেই হৈছে ফাছিক্ব।

তাফছীৰ

আৰু সিহঁতৰ দৰে নহ'বা যিসকলে আল্লাহক পাহৰি তেওঁৰ আদেশ পালন কৰা এৰিছে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰাও আঁতৰত থকা বাদ দিছে। ফলত আল্লাহেও সিহঁতক আওকাণ কৰিছে, কাৰণ সিহঁতে আল্লাহৰ ক্ৰোধ আৰু শাস্তিৰ পৰা ৰক্ষা পাবলৈ কোনো কৰ্ম কৰা নাই। ইহঁতেই সেইসকল লোক যিসকলে আল্লাহক পাহৰি গৈছে আৰু তেওঁৰ আদেশসমূহ পালন কৰা এৰিছে লগতে তেওঁৰ নিষেধকৃত বস্তুৰ পৰাও বিৰত থকা নাই। প্ৰকৃততে ইহঁতেই আল্লাহৰ আনুগত্যৰ পৰা বহিষ্কৃত।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক