ছূৰা 59 · জুজ 28
Al-Hashr · 59:18
يَا أَيُّهَا الَّذِينَ آمَنُوا اتَّقُوا اللَّهَ وَلْتَنْظُرْ نَفْسٌ مَا قَدَّمَتْ لِغَدٍ ۖ وَاتَّقُوا اللَّهَ ۚ إِنَّ اللَّهَ خَبِيرٌ بِمَا تَعْمَلُونَ
হে ঈমান্দাৰসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা; আৰু প্ৰত্যেকৰে চিন্তা কৰা উচিত যে, সি অহাকালিৰ বাবে কি প্ৰেৰণ কৰিছে; আৰু তোমালোকে আল্লাহক ভয় কৰা; তোমালোকে যি কৰা সেই সম্পৰ্কে নিশ্চয় আল্লাহ সবিশেষ অৱহিত।
তাফছীৰ
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁ ৰচনা কৰা চৰীয়ত অনুযায়ী আমলকাৰীসকল! আল্লাহৰ আদেশসমূহ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰা। আৰু প্ৰত্যেক ব্যক্তিয়ে চিন্তা কৰা উচিত যে, তেওঁ ক্বিয়ামত দিৱসৰ বাবে কি নেক আমল কৰিছে। তথা আল্লাহক ভয় কৰা নিশ্চয় তেওঁ তোমালোকৰ কৰ্ম সম্পৰ্কে অৱগত। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। আৰু তেওঁ তোমালোকক ইয়াৰ পৰিণামো দিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক