ছূৰা 58 · জুজ 28
Al-Mujadila · 58:8
أَلَمْ تَرَ إِلَى الَّذِينَ نُهُوا عَنِ النَّجْوَىٰ ثُمَّ يَعُودُونَ لِمَا نُهُوا عَنْهُ وَيَتَنَاجَوْنَ بِالْإِثْمِ وَالْعُدْوَانِ وَمَعْصِيَتِ الرَّسُولِ وَإِذَا جَاءُوكَ حَيَّوْكَ بِمَا لَمْ يُحَيِّكَ بِهِ اللَّهُ وَيَقُولُونَ فِي أَنْفُسِهِمْ لَوْلَا يُعَذِّبُنَا اللَّهُ بِمَا نَقُولُ ۚ حَسْبُهُمْ جَهَنَّمُ يَصْلَوْنَهَا ۖ فَبِئْسَ الْمَصِيرُ
তুমি সিহঁতক লক্ষ্য কৰা নাইনে, যিসকলক গোপন পৰামৰ্শ কৰিবলৈ নিষেধ কৰা হৈছিল? তাৰ পিছতো সিহঁতে সেইটোৱে পুনৰাবৃত্তি কৰিলে যিটো কৰিবলৈ সিহঁতক নিষেধ কৰা হৈছিল; আৰু সিহঁতে দুষ্কাৰ্য, সীমালঙ্ঘন আৰু ৰাছুলৰ বিৰুদ্ধাচাৰণৰ বাবে গোপন পৰামৰ্শ কৰে। আৰু সিহঁতে যেতিয়া তোমাৰ ওচৰলৈ আহে তেতিয়া সিহঁতে তোমাক এনে কথাৰ দ্বাৰা অভিবাদন জনায় যিটোৰ দ্বাৰা আল্লাহে তোমাক অভিবাদন জনোৱা নাই। সিহঁতে মনে মনে কয়, ‘আমি যি কওঁ তাৰ বাবে আল্লাহে আমাক কিয় শাস্তি নিদিয়ে’? জাহান্নামেই সিহঁতৰ বাবে যথেষ্ট, য’ত সিহঁতে প্ৰৱেশ কৰিব, আৰু কিমান যে নিকৃষ্ট সেই গন্তব্যস্থল!
তাফছীৰ
হে ৰাছুল, আপুনি সেই ইহুদীসকলক দেখিছেনে, যিহঁতে কোনো মুমিনক দেখিলে কানাফুছি আৰম্ভ কৰিছিল। সেয়েহে আল্লাহে সিহঁতক কানাফুছিৰ পৰা বাধা প্ৰদান কৰিছে। কিন্তু তাৰ পিছতো সিহঁতে সেই কাম কৰিছিল, যিটো কৰিবলৈ সিহঁতক বাধা প্ৰদান কৰা হৈছিল। আৰু সিহঁতে পৰস্পৰে এনেকুৱা কানাফুছি কৰে যিটো কৰাত পাপ আছে। যেনে মুছলিমসকলৰ গিবত কৰা, তথা এনেকুৱা গোপন পৰামৰ্শ যিটোত থাকে মুছলমানৰ প্ৰতি অত্যাচাৰ আৰু ৰাছুলৰ অৱজ্ঞা। হে ৰাছুল! যেতিয়া সিহঁতে আপোনাৰ ওচৰত আহে তেতিয়া সিহঁতে আপোনাক এনেকুৱা শব্দৰে ছালাম কৰে যিটোৰে আল্লাহে আপোনাক ছালাম কৰা নাই। গতিকে সিহঁতে কয়ঃ আছ্ছামু আলাইকা, ইয়াত সিহঁতৰ উদ্দেশ্য হৈছে মৃত্যু (অৰ্থাৎ আপোনাৰ মৃত্যু হওঁক)। আৰু সিহঁতে আল্লাহৰ ৰাছুলক অস্বীকাৰ কৰি কয়ঃ আমি যি কওঁ, সেই কথাৰ পৰিবৰ্তে আল্লাহে আমাক শাস্তি নিদিয়ে কিয়। কিয়নো যদি তেওঁ সত্য নবী হলহেঁতেন তেন্তে আল্লাহে আমাক আমাৰ এই কথাবোৰৰ বাবে শাস্তি বিহিলেহেঁতেন। (শুনক) সিহঁতৰ এই কথাবোৰৰ বাবে জাহান্নামৰ শাস্তিয়েই যথেষ্ট। সিহঁতে তাৰ উষ্ণতাৰ সন্মুখীন হ'ব। অতি নিকৃষ্ট বাসস্থান হৈছে সিহঁতৰ বাসস্থান।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক