ছূৰা 58 · জুজ 28
Al-Mujadila · 58:9
يَا أَيُّهَا الَّذِينَ آمَنُوا إِذَا تَنَاجَيْتُمْ فَلَا تَتَنَاجَوْا بِالْإِثْمِ وَالْعُدْوَانِ وَمَعْصِيَتِ الرَّسُولِ وَتَنَاجَوْا بِالْبِرِّ وَالتَّقْوَىٰ ۖ وَاتَّقُوا اللَّهَ الَّذِي إِلَيْهِ تُحْشَرُونَ
হে ঈমান্দাৰসকল! তোমালোকে যেতিয়া গোপনে পৰামৰ্শ কৰিবা তেতিয়া যাতে তোমালোকে গুনাহ, সীমালঙ্ঘন আৰু ৰাছুলৰ বিৰুদ্ধাচাৰণ সম্পৰ্কে গোপন পৰামৰ্শ নকৰা। আৰু তোমালোকে সৎকৰ্ম আৰু তাক্বৱা অৱলম্বনৰ বিষয়ে গোপন পৰামৰ্শ কৰা, লগতে আল্লাহক ভয় কৰা, যাৰ ওচৰত তোমালোকক সমবেত কৰা হ’ব।
তাফছীৰ
হে আল্লাহৰ প্ৰতি ঈমান পোষনকাৰী আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰীসকল! এনেকুৱা কানাফুছি নকৰিবা যিটোত পাপ অথবা অত্যাচাৰ নাইবা ৰাছুলৰ অৱজ্ঞা কৰা হয়। যাতে তোমালোকে ইহুদীসকলৰ দৰে হৈ নোযোৱা। বৰং এনেকুৱা কানাফুছি কৰিবা যিটো আল্লাহৰ আজ্ঞা পালন আৰু তেওঁৰ অৱজ্ঞাৰ পৰা বাধা প্ৰধানৰ বাবে কৰা হয়। এতেকে আল্লাহৰ আদেশসমূহ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি আল্লাহক ভয় কৰা। কিয়নো কেৱল তেওঁৰ ওচৰতেই তোমালোকক ক্বিয়ামতৰ দিনা হিচাপ- নিকাচ আৰু পৰিণামৰ বাবে একত্ৰিত কৰা হ'ব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক