ছূৰা 58 · জুজ 28

Al-Mujadila · 58:7

أَلَمْ تَرَ أَنَّ اللَّهَ يَعْلَمُ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ ۖ مَا يَكُونُ مِنْ نَجْوَىٰ ثَلَاثَةٍ إِلَّا هُوَ رَابِعُهُمْ وَلَا خَمْسَةٍ إِلَّا هُوَ سَادِسُهُمْ وَلَا أَدْنَىٰ مِنْ ذَٰلِكَ وَلَا أَكْثَرَ إِلَّا هُوَ مَعَهُمْ أَيْنَ مَا كَانُوا ۖ ثُمَّ يُنَبِّئُهُمْ بِمَا عَمِلُوا يَوْمَ الْقِيَامَةِ ۚ إِنَّ اللَّهَ بِكُلِّ شَيْءٍ عَلِيمٌ

তুমি লক্ষ্য কৰা নাইনে যে, আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেয়া আল্লাহে জানে? তিনিজন ব্যক্তিৰ মাজত এনেকুৱা কোনো গোপন পৰামৰ্শ নহয় য’ত চতুৰ্থজন হিচাপে তেওঁ নাথাকে আৰু পাঁচজনৰ মাজতো নহয় য’ত ষষ্টজন হিচাপে তেওঁ নাথাকে। সিহঁত ইয়াতকৈ কম হওঁক বা বেছি হওঁক তেওঁ সিহঁতৰ লগতে আছে সিহঁত য’তেই নাথাকক কিয়। তাৰ পিছত কিয়ামতৰ দিনা তেওঁ সিহঁতক সিহঁতৰ কৃতকৰ্ম সম্পৰ্কে জনাই দিব। নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সম্যক অৱগত।

তাফছীৰ

হে ৰাছুল, আপুনি দেখা নাইনে যে আল্লাহ আকাশসমূহ তথা পৃথিৱীৰ সকলো বস্তু সম্পৰ্কে অৱগত। উভয়ৰ মাজত থকা কোনো বস্তুৱে তেওঁৰ পৰা গোপন নহয়। যেতিয়াই তিনিজনৰ মাজত কোনো গোপন কথাপোকথন হয় তেতিয়া আল্লাহে তেওঁৰ জ্ঞানৰ সৈতে সিহঁতৰ চতুৰ্থজন হিচাপে থাকে। আৰু যেতিয়া পাঁচজনে কোনো গোপন কথা কয়, তেতিয়া আল্লাহ সিহঁতৰ ষষ্ঠজন হিচাপে থাকে। আৰু সংখ্যা ইয়াতকৈ অধিক হওঁক বা কম। সিহঁত যতেই নাথাকক কিয়, তেওঁ সিহঁতৰ লগতে থাকে জ্ঞানৰ সৈতে। সিহঁতৰ কোনো কথাই তেওঁৰ পৰা গোপন নহয়। এতেকে আল্লাহে সিহঁতক ক্বিয়ামতৰ দিনা সিহঁতৰ কৰ্ম সম্পৰ্কে অৱগত কৰাব। নিশ্চয় আল্লাহ প্ৰত্যেক বস্তু সম্পৰ্কে জ্ঞাত। তেওঁৰ পৰা কোনো বস্তু গোপন নহয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক