ছূৰা 58 · জুজ 28

Al-Mujadila · 58:2

الَّذِينَ يُظَاهِرُونَ مِنْكُمْ مِنْ نِسَائِهِمْ مَا هُنَّ أُمَّهَاتِهِمْ ۖ إِنْ أُمَّهَاتُهُمْ إِلَّا اللَّائِي وَلَدْنَهُمْ ۚ وَإِنَّهُمْ لَيَقُولُونَ مُنْكَرًا مِنَ الْقَوْلِ وَزُورًا ۚ وَإِنَّ اللَّهَ لَعَفُوٌّ غَفُورٌ

তোমালোকৰ মাজত যিসকলে নিজ স্ত্ৰীসকলৰ লগত যিহাৰ কৰে, সিহঁতৰ স্ত্ৰীসকল সিহঁতৰ মাক হৈ নাযায়, বৰং সিহঁতৰ মাক কেৱল সেইসকল তিৰোতা যিসকলে সিহঁতক জন্ম দিছে; আৰু নিশ্চয় সিহঁতে অসংগত আৰু অসত্য কথা কৈছে; নিশ্চয় আল্লাহ অধিক পাপ মোচনকাৰী আৰু বৰ ক্ষমাশীল।

তাফছীৰ

যিসকলে নিজৰ স্ত্ৰীৰ সৈতে জিহাৰ কৰে। উদাহৰণ স্বৰূপে যদি কোনোবাই তেওঁৰ স্ত্ৰীক এইদৰে কয়ঃ “তুমি মোৰ বাবে মোৰ মাৰ পিঠি স্বৰূপ” তেন্তে সিহঁতে নিজৰ কথাত মিছলীয়া। কিয়নো সিহঁতৰ স্ত্ৰীসকলে সিহঁতৰ মা হ'ব নোৱাৰে। সিহঁতৰ মা কেৱল সেইসকল মহিলা যিসকলে সিহঁতক জন্ম দিছে। দৰাচলতে সিহঁতে এইদৰে কেৱল ঘৃণনীয় আৰু মিছা কথাহে কয়। নিশ্চয় আল্লাহ ক্ষমাকাৰী, মাৰ্জনাশীল। এই কাৰণে যে, তেওঁ সিহঁতক পাপ কৰ্মৰ পৰা পৱিত্ৰ কৰিবলৈ কাফ্ফাৰা আদায়ৰ নিৰ্দেশ দিছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক