ছূৰা 58 · জুজ 28
Al-Mujadila · 58:3
وَالَّذِينَ يُظَاهِرُونَ مِنْ نِسَائِهِمْ ثُمَّ يَعُودُونَ لِمَا قَالُوا فَتَحْرِيرُ رَقَبَةٍ مِنْ قَبْلِ أَنْ يَتَمَاسَّا ۚ ذَٰلِكُمْ تُوعَظُونَ بِهِ ۚ وَاللَّهُ بِمَا تَعْمَلُونَ خَبِيرٌ
আৰু যিসকলে সিহঁতৰ স্ত্ৰীসকলৰ লগত যিহাৰ কৰে, আৰু পিছত সিহঁতৰ উক্তি প্ৰত্যাহাৰ কৰে, তেন্তে ইজনে সিজনক স্পৰ্শ কৰাৰ আগতে এজন দাস মুক্ত কৰিব লাগিব, ইয়াৰ দ্বাৰা তোমালোকক উপদেশ দিয়া হৈছে; আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱহিত।
তাফছীৰ
যিসকলে এনেকুৱা ঘৃণনীয় কথা কয় আৰু নিজৰ জিহাৰ কৰা স্ত্ৰীৰ লগত সহবাস কৰিব বিচাৰে সিহঁতে তেওঁলোকৰ লগত সহবাস কৰাৰ আগত কাফ্ফাৰা হিচাপে এজন দাসমুক্ত কৰিব লাগিব। এই আদেশ তোমালোকক জিহাৰৰ পৰা বিৰত ৰাখিবলৈ দিয়া হৈছে। আৰু আল্লাহ তোমালোকৰ কাৰ্য সম্পৰ্কে অৱগত। তোমালোকৰ কোনো আমল তেওঁৰ পৰা গোপন নহয়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক