ছূৰা 58 · জুজ 28

Al-Mujadila · 58:1

قَدْ سَمِعَ اللَّهُ قَوْلَ الَّتِي تُجَادِلُكَ فِي زَوْجِهَا وَتَشْتَكِي إِلَى اللَّهِ وَاللَّهُ يَسْمَعُ تَحَاوُرَكُمَا ۚ إِنَّ اللَّهَ سَمِيعٌ بَصِيرٌ

আল্লাহে নিশ্চয় শুনিছে সেই নাৰীৰ কথা; যিয়ে তাইৰ স্বামীৰ বিষয়ে তোমাৰ লগত বাদানুবাদ কৰি আছিল আৰু আল্লাহৰ ওচৰত অভিযোগ কৰি আছিল। আল্লাহে তোমালোক দুয়োৰে কথোপকথন শুনিছে; নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।

তাফছীৰ

হে ৰাছুল! আল্লাহ তাআলাই নিশ্চয় সেই নাৰী (অৰ্থাৎ খাওলা বিনতে ছা'লাবা)ৰ কথা শুনিছে যিয়ে তাইৰ স্বামী (অৰ্থাৎ আউছ বিন ছাবিত)ৰ বিষয়ে আপোনাৰ লগত বাদানুবাদ কৰি আছিল, যেতিয়া তাইৰ স্বামীয়ে তাইৰ লগত যিহাৰ কৰিছিল। আৰু তাইৰ স্বামীয়ে যি কৰিছে সেই বিষয়ে আল্লাহৰ ওচৰত ফৰিয়াদ কৰি আছিল। আৰু আল্লাহে তোমালোক দুয়োৰে কথোপকথন শুনি আছিল। সেই আলোচনাৰ কোনো কথাই আল্লাহৰ পৰা গোপন নহয়। নিশ্চয় আল্লাহে তেওঁৰ বান্দাসকলৰ কথাসমূহ শ্ৰৱণকাৰী আৰু তেওঁলোকৰ কৰ্মবোৰ পৰিদৰ্শনকাৰী। এই সম্পৰ্কীয় কোনো কথাই আল্লাহৰ পৰা গোপন নহয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক