ছূৰা 57 · জুজ 27

Al-Hadid · 57:26

وَلَقَدْ أَرْسَلْنَا نُوحًا وَإِبْرَاهِيمَ وَجَعَلْنَا فِي ذُرِّيَّتِهِمَا النُّبُوَّةَ وَالْكِتَابَ ۖ فَمِنْهُمْ مُهْتَدٍ ۖ وَكَثِيرٌ مِنْهُمْ فَاسِقُونَ

আৰু নিশ্চয় আমি নূহ আৰু ইব্ৰাহীমক ৰাছুলৰূপে প্ৰেৰণ কৰিছিলো আৰু আমি তেওঁলোকৰ বংশধৰসকলৰ বাবে স্থিৰ কৰিছিলো নবুওৱাত আৰু কিতাব। কিন্তু সিহঁতৰ কিছুমানেহে সৎপথ অৱলম্বন কৰিছিল আৰু সিহঁতৰ অধিকাংশই আছিল ফাছিক্ব।

তাফছীৰ

নিশ্চয় আমি নূহ আৰু ইব্ৰাহীম (আলাইহিমাচ্ছালাম)ক ৰাছুল বনাই প্ৰেৰণ কৰিছিলোঁ আৰু তেওঁলোক উভয়ৰে সন্তানসকলৰ মাজত নবুওৱত আৰু অৱতীৰ্ণ হোৱা গ্ৰন্থসমূহ উপহাৰ দিছিলোঁ। ফলত তেওঁলোকৰ সন্তানসকলৰ মাজৰ কিছুমানে সৰল পথ লাভ কৰি তাওফীকপ্রাপ্ত হৈছিল। আনহাতে সিহঁতৰ মাজৰ অধিকাংশই আল্লাহৰ আনুগত্যৰ পৰা ওলাই গৈছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক