ছূৰা 57 · জুজ 27

Al-Hadid · 57:25

لَقَدْ أَرْسَلْنَا رُسُلَنَا بِالْبَيِّنَاتِ وَأَنْزَلْنَا مَعَهُمُ الْكِتَابَ وَالْمِيزَانَ لِيَقُومَ النَّاسُ بِالْقِسْطِ ۖ وَأَنْزَلْنَا الْحَدِيدَ فِيهِ بَأْسٌ شَدِيدٌ وَمَنَافِعُ لِلنَّاسِ وَلِيَعْلَمَ اللَّهُ مَنْ يَنْصُرُهُ وَرُسُلَهُ بِالْغَيْبِ ۚ إِنَّ اللَّهَ قَوِيٌّ عَزِيزٌ

নিশ্চয় আমি আমাৰ ৰাছুলসকলক সুস্পষ্ট প্ৰমাণ সহকাৰে প্ৰেৰণ কৰিছো, আৰু তেওঁলোকৰ লগত দিছো কিতাব আৰু ন্যায়ৰ মানদণ্ড, যাতে মানুহে সুবিচাৰ প্ৰতিষ্ঠা কৰে। আমি আৰু অৱতীৰ্ণ কৰিছো লোহা, য’ত আছে প্ৰচণ্ড শক্তি আৰু মানুহৰ বাবে আছে বহুবিধ কল্যাণ। এয়া এই বাবেই যে, যাতে আল্লাহে প্ৰকাশ কৰি দিয়ে যে, কোনে গায়েব অৱস্থাত তেওঁক আৰু তেওঁৰ ৰাছুলক সহায় কৰে। নিশ্চয় আল্লাহ মহাশক্তিমান, পৰাক্ৰমশালী।

তাফছীৰ

নিশ্চয় আমি আমাৰ ৰাছুলসকলক সুস্পষ্ট দলীল আৰু মহান প্ৰমাণাদিৰ সৈতে প্ৰেৰণ কৰিছোঁ আৰু তেওঁলোকৰ সৈতে আমি গ্ৰন্থও অৱতীৰ্ণ কৰিছোঁ। লগতে ন্যায় বিচাৰ প্ৰতিষ্ঠা কৰিবলৈ মীযান অৱতীৰ্ণ কৰিছোঁ। যাতে মানুহে ইনচাফ তথা ন্যায় প্ৰতিষ্ঠা কৰিব পাৰে। লগতে আমি মজবুত আৰু সুদৃঢ় লোহা অৱতীৰ্ণ কৰিছোঁ। যিবোৰৰ দ্বাৰা অস্ত্র তৈয়াৰ কৰা হয় আৰু তাত আছে মানুহৰ বাবে সিহঁতৰ উদ্যোগিক আৰু ব্যৱসায়িক উপকাৰিতাসমূহ। যাতে আল্লাহে বান্দাসকলৰ অৱগতিৰ বাবে প্ৰকাশ কৰি দিব পাৰে যে, তেওঁৰ বান্দাসকলৰ মাজৰ কোনে নেদেখাকৈ তেওঁক সহায় কৰে। নিশ্চয় আল্লাহ শক্তিধৰ, মহা পৰাক্রমশালী। কোনেও তেওঁক পৰাজিত কৰিব নোৱাৰে। আৰু একোৱেই তেওঁক অপাৰগ কৰিব নোৱাৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক