ছূৰা 57 · জুজ 27
Al-Hadid · 57:27
ثُمَّ قَفَّيْنَا عَلَىٰ آثَارِهِمْ بِرُسُلِنَا وَقَفَّيْنَا بِعِيسَى ابْنِ مَرْيَمَ وَآتَيْنَاهُ الْإِنْجِيلَ وَجَعَلْنَا فِي قُلُوبِ الَّذِينَ اتَّبَعُوهُ رَأْفَةً وَرَحْمَةً وَرَهْبَانِيَّةً ابْتَدَعُوهَا مَا كَتَبْنَاهَا عَلَيْهِمْ إِلَّا ابْتِغَاءَ رِضْوَانِ اللَّهِ فَمَا رَعَوْهَا حَقَّ رِعَايَتِهَا ۖ فَآتَيْنَا الَّذِينَ آمَنُوا مِنْهُمْ أَجْرَهُمْ ۖ وَكَثِيرٌ مِنْهُمْ فَاسِقُونَ
ইয়াৰ পিছত আমি তেওঁলোকৰ অনুগামী হিচাপে আমাৰ ৰাছুলসকলক প্ৰেৰণ কৰিছিলো আৰু মাৰয়াম পুত্ৰ ঈছাকো অনুগামী কৰিছিলো, আৰু তেওঁক আমি দিছিলো ইঞ্জিল আৰু তেওঁৰ অনুসাৰীসকলৰ অন্তৰত দিছিলো কৰুণা আৰু দয়া; আৰু বৈৰাগ্যবাদ—এইটো সিহঁতে নিজেই আল্লাহৰ সন্তুষ্টিৰ বাবে প্ৰৱৰ্তন কৰিছিল। আমি এইটো সিহঁতৰ ওপৰত লিপিবদ্ধ কৰা নাছিলো; অথচ এইটোও সিহঁতে যথাযথভাৱে পালন কৰা নাই। কিন্তু সিহঁতৰ মাজত যিসকলে ঈমান আনিছিল, সিহঁতক আমি সিহঁতৰ পুৰষ্কাৰ প্ৰদান কৰিছিলো; কিন্তু সিহঁতৰ অধিকাংশই আছিল ফাছিক্ব।
তাফছীৰ
ইয়াৰ পিছত আমি বিভিন্ন সম্প্ৰদায়ৰ প্ৰতি আমাৰ ৰাছুলসকলক ধাৰাবাহিকভাৱে প্রেৰণ কৰিছিলোঁ। ইয়াৰ পিছত আমি ঈছা ইবনু মাৰইয়ামক প্রেৰণ কৰিছিলোঁ আৰু তেওঁক ইঞ্জিল প্ৰদান কৰিছিলোঁ। যিসকলে তেওঁৰ ওপৰত ঈমান আনিছিল আৰু তেওঁৰ অনুগত হৈছিল তেওঁলোকৰ অন্তৰত আমি দয়া ঢালি দিছিলোঁ। ফলত তেওঁলোকে পৰস্পৰে পৰস্পৰক ভাল পাইছিল আৰু দয়াৰ বন্ধনত আৱদ্ধ আছিল। কিন্তু তেওঁলোকে দ্বীনৰ ক্ষেত্ৰত সীমালঙ্ঘন কৰিছিল। ফলত তেওঁলোকে কিছুমান হালাল বিধান পৰিত্যাগ কৰিছিল, যেনে- বিবাহ আৰু ভোগ-সামগ্ৰী আদি। তেওঁলোকৰ পৰা এইটো আমি কেতিয়াও বিচৰা নাছিলোঁ। বৰং তেওঁলোকে নিজেই দ্বীনৰ মাজত নৱ উদ্ভাৱন কৰি ইয়াক নিজৰ ওপৰত অনিবাৰ্য কৰি লৈছিল। প্ৰকৃততে আমি তেওঁলোকৰ পৰা আল্লাহৰ সন্তুষ্টি অৰ্জন কৰিবলৈ কাম কৰাৰ দাবী কৰিছিলোঁ। কিন্তু তেওঁলোকে সেইটো কৰা নাছিল। সেয়ে তেওঁলোকৰ মাজৰ যিসকলে ঈমান আনিছিল আমি তেওঁলোকক তেওঁলোকৰ প্ৰতিদান দান কৰিছোঁ। কিন্তু তেওঁলোকৰ মাজৰ অধিকাংশ লোকেই মুহাম্মাদ (চাল্লাল্লাহু আলাইহি অছাল্লামে) লৈ অহা চৰীয়তক অস্বীকাৰ কৰি আল্লাহৰ আনুগত্যৰ পৰা ওলাই গৈছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক