ছূৰা 57 · জুজ 27
Al-Hadid · 57:22
مَا أَصَابَ مِنْ مُصِيبَةٍ فِي الْأَرْضِ وَلَا فِي أَنْفُسِكُمْ إِلَّا فِي كِتَابٍ مِنْ قَبْلِ أَنْ نَبْرَأَهَا ۚ إِنَّ ذَٰلِكَ عَلَى اللَّهِ يَسِيرٌ
পৃথিৱীত আৰু তোমালোকৰ ওপৰত আপতিত হোৱা এনে কোনো বিপদ-আপদ নাই যিটো আমি সেয়া সংঘটিত হোৱাৰ আগতে এখন কিতাপত লিপিবদ্ধ কৰি ৰখা নাই। নিশ্চয় আল্লাহৰ পক্ষে এয়া অতি সহজ।
তাফছীৰ
পৃথিৱীত খৰালীসহ অন্যান্য যিমানবোৰ বিপৰ্যয় সংঘটিত হয় অথবা নিজৰ মাজত যিবোৰ বিপদ-আপদ আহে, সেইবোৰ সৃষ্টিৰ পূৰ্বে লাওহে মাহফুজত সংৰক্ষিত আছিল। নিশ্চয় এয়া আল্লাহৰ বাবে অতি সহজ।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক